Breaking

নামখলা কুঁহিয়াৰকুছি VCDCত ৰেচন কাৰ্ডৰ নামত বৃহৎ বজাৰ; সাংবাদিকক দেখি লোৱাধন দিলে ঘুৰাই…

0 39

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আয়োগে অসমৰ লগতে এঘাৰখন ৰাজ্যত ৰেচন কাৰ্ড নথকা প্ৰায় এক কোটি পৰিয়ালক ৰেচন কাৰ্ড প্ৰদানৰ এক অভিলাসী আঁচনি প্ৰস্তুত কৰিছে।

ওদালগুৰি জিলাৰ খৈৰাবাৰী উন্নয়ন খণ্ড এলেকাতো আঁচনি খনকলৈ বিভাগীয় কৰ্তৃপক্ষ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে খৈৰাবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুঁহিয়াৰকুছি ভি চি ডিচিত ৰেচন কাৰ্ডক লৈ কাৰ্যলয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য অনুসৰি তিনি দিন পূৰ্বে কুঁহিয়াৰকুছি ভি চি ডিচিৰ অন্তৰ্গত ৯ খন গাঁৱত ৰেচন কাৰ্ড নথকা লোক সকলক যাৱতীয় নথি-পত্ৰ লৈ  কুঁহিয়াৰকুছি ভি চি ডি চিৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ মাইক যোগে ঘোষণা কৰে।

সেই অনুসৰি পুৱাৰে পৰা বৰিপাৰা চ’কত অৱস্থিত কাৰ্যালয়ত ৰাইজে ভিৰ কৰে। পৰবৰ্তীকালত  প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ প্ৰতিটো পৰিয়ালে এহেজাৰ টকাকৈ দি নিজৰ নথি-পত্ৰ সমূহ জমা দিবলগীয়া হয়।এক প্ৰকাৰ বজাৰত পৰিণত হোৱা ভি চি ডি চিৰ কাৰ্যালয়টোত চেয়াৰমেন দৈমু খুঙ্গুৰ দৈমাৰীয়ে পাঁচ ,ছয় গৰাকী কৰ্মচাৰীৰ সহযোগত এই লুণ্ঠন চলাই থকাৰ সময়তে একাংশ ক্ষোভিত লোকে স্থানীয় সাংবাদিকক বিষয়টো অৱগত কৰাত ঘটনাটো পোহৰলৈ আহে।

ইতিমধ্যে প্ৰায় পঞ্চাশ গৰাকী লোকৰ পৰা এহেজাৰ টকাকৈ সংগ্ৰহ কৰা চেয়াৰমেন গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ এই বিষয়ত অৱগত নহয় বুলি উত্তৰ দিবলৈ চেষ্টা কৰে যদিও ধন ভৰিবলগীয়া হোৱা উত্তেজিত ৰাইজে সংগ্ৰহীত ধন ঘূৰাই দিবলৈ দাবী জনায়।পিচত সাংবাদিকৰ সন্মূখতে ধন ঘূৰাই নিবলৈ ৰাইজে হেতা ওপৰা কৰা পৰিস্থিতিৰ সৃষ্টি হয়। চেয়াৰমেন গৰাকীয়ে একাংশ সাংবাদিকক বুজা-বুজি কৰিবলৈও দৌৰা-দৌৰি কৰা পৰিলক্ষিত হয়।

মনকৰিবলগীয়া যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বি টি চিৰ নিৰ্বাচনৰ সময়ত প্ৰতি খন সভা সমিতিত বি পি এফৰ ভি চি ডি চি নিৰ্বাচনৰ পাচত ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ হুংকাৰ দি ভি চি ডি চিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। পিচে ইউ পি পি এলৰ সমৰ্থনত থকা বি জে পিয়ে পৰিষদ গঠনৰ পিচত নিজৰ নিজৰ মনোনীত প্ৰাৰ্থীৰে আগৰ দৰে ভি চি ডি চিৰ কাম কাজ চলাবলৈ আৰম্ভ কৰে।

সমবায় এজেণ্টে ৰেচনৰ চাউলৰ কেলেংকাৰী কৰিলে জেলৰ ভাত খাবলগীয়া হ’ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এতিয়া চেয়াৰমেন গৰাকীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

Leave A Reply