Breaking

ৰাজ্যসভাৰ সাংসদ হিচাপে বিটিআৰৰ ভূমিত ৰৌণগৌৰা নাৰ্জাৰী

0 35

আজি ৰাতিপুৱা ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হৈ পোন প্ৰথমবাৰৰ বাবে বিটিআৰৰ ভূমিত উপস্থিত হ’ল ৰৌণগৌৰা নাৰ্জাৰী। বৰমাত দলীয় সমৰ্থকে জনালে বিপুল আদৰণি। এই জয়ৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে সকলো বিধায়কক ধন্যবাদ জ্ঞাপন কৰে ৰণগৌৰা নাৰ্জাৰীয়ে।


এই সাফল্যৰ পিছতেই উৎফুল্লিত দলীয় সমৰ্থকসকলে ফটকা ফুটাই কৰিলে আনন্দ উৎসৱ।বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে এই সন্দৰ্ভত এতিয়া ইউপিপিএলৰ শক্তি কোকৰাঝাৰতে সীমাবদ্ধ নাথাকি দিশপুৰ, দিল্লীলৈ পৰিসৰিত হ’ল বুলি মত প্ৰকাশ কৰে।

Leave A Reply