ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী ইকৰাবাৰী সাহিত্য সভাৰ সদস্য তথা ২ নং বঁটা বাৰী গাঁৱৰ নিবাসী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক ,ধৰ্মপ্ৰাণ ব্যক্তি পূৰণ ডেকাৰ সোঁৱৰণত কালি ১৮ নবেম্বৰত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় । বটাবাৰীৰ প্ৰয়াত ডেকাৰ নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শিক্ষক ডালিম কছাৰীয়ে আত ধৰা এই স্মৃতিচাৰণ সভাত পৌৰহিত্য কৰে ২ নং বতাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ পাঠক নৰেন ডেকাই । ৰৌতা গাঁওৰক্ষী বাহিনী আৰু বটাবাৰী গাওঁ উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত উপস্থিত হৈ গাওঁৰক্ষীৰ উপদেষ্টা সমিতিৰ সভাপতি নিৰ্মল দাসে বৈকুণ্ঠগামী পূৰণ ডেকাৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও প্ৰয়াত ডেকাই সমাজত আগবঢ়াই যোৱা ত্যাগৰ কথা স্মৰণ কৰে । বিটিএডিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰীওঁ এই স্মৃতি চাৰণসভাত অংশ গ্ৰহণ কৰি মাৰ্জিত, অমায়িক দায়িত্ব আৰু নিষ্ঠাসহকাৰে নিজৰ কৰ্তব্য পালন কৰা ডেকাৰ মৃত্যুত ৰৌতা গাওঁৰক্ষী বাহিনীৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰি ২ নং বটাবাৰী গাওঁ উন্নয়ন সমিতিয়ে এজন নিষ্ঠাৱান কৰ্মী অকালতে হেৰুৱাব লগা হ’ল বুলি মৃত পৰিয়াল বৰ্গক প্ৰাক্তন ই এম মিঠাৰাম বসুমতাৰীয়ে সমবেদনা জ্ঞাপন কৰে । পুৱা প্ৰয়াত পূৰণ চন্দ্ৰ ডেকাৰ সহধৰ্মিনী গুণেশ্বৰী ডেকাই তেখেতৰ স্বামীৰ প্ৰবিত্ৰ স্মৃতিত পুস্পাঞ্জলী অৰ্পণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছতে অনুষ্ঠিত হোৱা এই স্মৃতি চাৰণ সভাত ওদালগুৰি জিলা আক্ৰাছুৰ সম্পাদক মিঠুন বৰুৱা, ৰৌতা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি পবিত্ৰ ডেকা, কুদ্দুচ আলিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু কেবাখনো সত্ৰৰ ভক্তসকল উপস্হিত আছিল । উক্ত ম্মৃতি চাৰণ সভাতেই মৃত পূৰণ ডেকাৰ সোঁৱৰণীত কেবাখনো সম্বৰ্ধনা পত্ৰ পৰিয়ালক বৰ্গৰৰ হাতত প্ৰদান কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…