Breaking

দুধনৈত ৰাভা হাছং আন্তঃগাওঁ ভলীবল প্ৰতিযোগিতা আৰম্ভ

0 2,268

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ পৰিচালনাত আজিৰে পৰা দুদিনীয়াকৈ দুধনৈৰ নিকটৱৰ্তী উপৰতোলা কালী মন্দিৰ প্ৰাংগণত ৰাভা হাছং আন্তঃগাওঁ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য ৰাভাই। ইয়াৰ পিছত ৰাভা হাছং ক্ৰীড়া সন্থাৰ উপদেষ্টা ভাস্কৰ ৰায়ে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। প্ৰতিযোগিতাত স্থানীয় ভলীবল খেলুৱৈ সকলৰ দ্বাৰা খেল আৰম্ভ কৰা হয়। ৰাভা হাছং পৰিষদৰ ৩৬ টা সমষ্টিৰ পৰা কেবাটিও দলে অংশগ্ৰহণ কৰিব বুলি ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য ৰাভা আৰু সম্পাদক পুস্পাদিত্য চৌধুৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কাইলৈ অনুষ্ঠিত লবলগীয়া বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

Leave A Reply