Breaking

পদ্মশ্ৰী সন্মান লাভ কৰি ৰবীনা টেণ্ডনে ক’লে – ‘ৰাষ্ট্ৰপতি মুৰ্মুৱে মোৰ সকলো ছবি চাইছে’

0 83

পদ্মশ্ৰী সন্মান লাভ কৰি ৰবীনা টেণ্ডনে ক’লে – ‘ৰাষ্ট্ৰপতি মুৰ্মুৱে মোৰ সকলো ছবি চাইছে’। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে মুকলিকৈ ক’লে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বঁটা অনুষ্ঠানত হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে ৰবীনাক টেণ্ডনক সন্মানিত কৰা হয়। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰবীনা টেণ্ডনে কয় যে তেওঁৰ সকলো ছবি চোৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতেও বাৰ্তালাপ কৰে।

এক সাক্ষাৎকাৰত ৯০ৰ দশকৰ ৰাণী ৰবীনা টেণ্ডনে ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে হোৱা মত বিনিময়ৰ বিষয়ে কয় , ‘এইটো এটা সুন্দৰ মুহূৰ্ত আছিল। ৰাষ্ট্ৰপতি মুৰ্মুৱে মোক ক’লে যে তেওঁ মোৰ সকলো ছবি চাইছে। মই তেওঁক ক’লোঁ যে মোৰ বাবে এক গৌৰৱৰ কথা, এই বঁটাটো যে মই আপোনাৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ সুবিধা পালোঁ।

অভিনেত্ৰীগৰাকীয়ে কয় যে এই বঁটা লাভ কৰাৰ সময়ত তেওঁৰ স্বামী আৰু দুয়ো সন্তান ৰাছা আৰু ৰণবীৰৰ মুখখন আনন্দৰে ভৰি পৰিছিল। আনহাতে শীঘ্ৰে সঞ্জয় দত্তৰ সৈতে ‘ঘুডচাদী’ ছবিত দেখা যাব ৰবীনা টেণ্ডনক।

Leave A Reply