Breaking

কেঁচা চাহ পাতৰ মূল্য পাঁচ টকা, ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ অবস্থা।

0 2,257

 দুৰ্গা পূজাৰ পিছৰ পৰাই  উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল   গভীৰ সংকটৰ সন্মুখীন হোৱা দেখা গৈছে । চাহ বাগিছাৰ পাত মালিকে নিজেই তুলিব নে কৰ্মচাৰীক তুলিব দিব ই অতি দুখ জনক ? বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাত থকা প্ৰায় ত্ৰিশ হাজাৰ  ক্ষুদ্ৰ চাহ খেতিয়কৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে । জিলা খনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহ পাত বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহপাল দি আহিছে।  দুৰ্গা পূজাৰ সুযোগ লৈ এটা শক্তিশালী  চক্ৰই   অতি কৌশলৰে কেঁ‌চা চাহ পাতৰ দাম নিম্ন কৰি অধিক মুনাফা লুটাৰ ফলত চাহ পাতৰ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাই দেখা দিছে । ক্ষূদ্ৰ চাহ খেতিয়ক সকলক ৰাম টাঙোন দি  অভাৱনীয় ভাৱে বটলিফ ফেক্টৰীৰৰ  মালিক পক্ষই প্ৰতি দিনাই হ্ৰাস কৰি  আহিছে কেচা চাহ পাতৰ দৰ। যাৰ ফলত, এই বছৰত কভিড কালিন পৰিস্থিতিৰ পিছত পুনৰ পূজাৰ পিছে পিছে ব্যাপক ভাৱে  লোকচান হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া অঞ্চলত বসবাস কৰা চহা খেতিয়ক সকলৰ উপাৰ্জনৰ মুল কেন্দ্ৰ হৈছে কেঁ‌চা চাহপাত। বৃহত্বৰ ফিল’বাৰী, কৰিয়াজন, কুজুপথাৰ, কঠালগুৰি লগতে বুঢ়ীদিহিং মৌজাৰ প্ৰতিখন গাঁ‌ৱৰ প্ৰায় লোকৰ ঘৰে গড়ে প্ৰায় দুই বিঘাকৈ ক্ষুদ্ৰ চাহ বাগিচা আছে। আনহাতে চাহ বাগিচাত ব্যৱহাৰ কৰা কিটনাশক দ্ৰব্য সমুহৰ দৰ হ্ৰাস কৰিবলৈ চৰকাৰ সক্ষম হোৱা নাই । বিগত বৰ্ষত ৰাজ্যত কেঁ‌চা চাহপাতৰ দাম বৃদ্ধি হোৱাৰ বাবে বাহ বাহ লোৱা ৰাজ্য চৰকাৰে  কিন্তু বৰ্তমান সময়ত কেচা চাহপাতৰ দৰ হ্ৰাস হোৱাত একেবাৰে নিমাতে থকাৰ অভিযোগ কৰিছে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।বিগত বৰ্ষৰ  ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৩৫ টকাৰ পৰা ৪০ টকা লৈকে  কেজি কেঁচা চাহ পাতত লাভ কৰিছিল  কিন্তু বৰ্তমান সময়ত ক্ষুদ্ৰ  চাহ খেতিয়ক সকলে প্ৰতি কেজিত  মাত্ৰ ৬ টকাৰ পৰা  ১০ টকা ভিতৰত দৰ লাভ কৰিছে। প্ৰণিধান যোগ্য যে বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত প্ৰতি কিলোগ্ৰাম কেঁচা চাহ পাতৰ উৎপাদনী ব্যয়  হয় প্ৰায় ১৫.৫০ টকা। আজিৰ তাৰিখত  বটলিফ ফেক্টৰী সমূহে দৈনিক দুই টকাৰ পৰা চাৰি টকা পৰ্য্যন্ত কেঁচা পাতৰ মূল্য হ্ৰাস কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আশা কৰে যে, চৰকাৰে এই ক্ষেত্ৰত   বিহীত ব্যৱস্থা গ্ৰহণ কৰিব।

Leave A Reply