Breaking

ভাৰতীয় বেংকত চাইবাৰ আক্ৰমণৰ বিপদ বৃদ্ধি, আৰ বি আইৰ সতৰ্ক…

0 39

ৰিজাৰ্ভ বেংকে বিশেষভাৱে ভাৰতীয় একাংশ বেংকক বৃদ্ধি পোৱা চাইবাৰ ৰিস্কৰ বিষয়ে সতৰ্ক কৰি দিছে আৰু তেওঁলোকক সাজু হ’বলৈ কয় ।

চাইবাৰ আক্ৰমণৰ ক্ৰমবৰ্ধমান ভাবুকি সন্দৰ্ভত ভাৰতীয় বেংকসমূহক সকীয়াই দিছে ৰিজাৰ্ভ বেংকে। অনাগত দিনত ভাৰতীয় একাংশ বেংকত চাইবাৰ আক্ৰমণ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে কেন্দ্ৰীয় বেংকে। এই সতৰ্কবাণীৰ সমান্তৰালকৈ ৰিজাৰ্ভ বেংকে চাইবাৰ নিৰাপত্তা উন্নত কৰাৰ বাবে বেংকসমূহক পৰামৰ্শও আগবঢ়াইছে।বেংকিং উদ্যোগৰ সৈতে জড়িত লোকৰ উদ্ধৃতি দি মানিকণ্ট্ৰলৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় বেংকে একাংশ বেংকক চাইবাৰ আক্ৰমণৰ বৰ্ধিত আশংকাৰ বাবে সাজু হ’বলৈ কোৱাৰ লগতে এই আশংকা হ্ৰাস কৰিবলৈ নিৰাপত্তা বৃদ্ধি কৰিবলৈও পৰামৰ্শ দিছে। এই সতৰ্কবাণীৰ লগতে ৰিজাৰ্ভ বেংকে বেংকসমূহক চাইবাৰ নিৰাপত্তাৰ উন্নতিৰ বাবে কাম কৰিবলগীয়া সেই বিন্দুবোৰৰ বিষয়েও জনাইছে।

Leave A Reply