Breaking

চাহ জনগোষ্ঠীৰ কৰম উৎসৱ উপলক্ষে দিয়া বন্ধ সম্পৰ্কে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া নদুৱাৰত

0 2,519

চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পৰৱ। কৰম উৎসৱৰ জৰিয়তে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি,জাতীয় পৰিচয় বহন কৰা পৰম্পৰাগত উৎসৱটিত চাহ জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ প্ৰতি সহাৰি জনাই বৰ্তমাণৰ বিজেপিধীন চৰকাৰখনে ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধ ঘোষনা কৰিছে।চৰকাৰকাৰখনৰ এই সিদ্ধান্তক স্বাভাৱিকতে জনগষ্ঠীটোৰ মাজত এক সুখৱৰ কঢ়িয়াই আনিছে বুলি কব লাগিব। অৱশ্যে ৰাজ্যখনত দীৰ্ঘদিনধৰি বৃহৎৰ চাহ জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ লগতে কৰম পৰৱৰ দিনটো চৰকাৰী বন্দ্ধ ঘোষনা কৰিবলৈ বিভিন্ন দল সংগঠনৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাই দাবী জনাই অহাৰ মাজতে যোৱাকালি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্ত অনুযায়ী কৰম উপলক্ষে চৰকাৰী বন্দ্ধ ঘোষনাই চৰকাৰখনক ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে। আনহাতে বৰ্তমানৰ চৰকাৰখনে চৰকাৰী বন্দ্ধ দিয়াৰ বিপৰীতে চাহজনগোষ্ঠীৰলোক বাগিচাত কাম কৰিবলগীয়া হোৱা ঘটনাই চাহ জনগোষ্ঠীৰ বিভিন্ন মহলে চৰকাৰখনে লোৱা যুগাত্মক সিদ্ধান্তৰ শলাগলোৱাৰ বিপৰীতে বিভিন্ন প্ৰান্তত চৰকাৰখনৰ লগতে বাগিচা মালিক পক্ষক ধীক্কাৰ দিয়াৰ লগতে তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে। ইয়াৰ মাজতে নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তীয়ে প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে দীৰ্ঘদিনে আটছাই দাবী জনাই অহা প্ৰতি সহাৰি জনাই ৰাজ্যচৰকাৰখনে ‘চাহ জনগোষ্ঠীৰ অন্যতম জাতীয় উৎসৱ ‘কৰম পৰৱ’ উপলক্ষে ৰাজ্যিক বন্দ্ধ ঘোষনাই জনগোষ্ঠীটোৰ এক যুগাত্মক দিশ । আৰু লগতে কয় যে চাহ জনগোষ্ঠীৰ বাপুতিসাহোন কৰম পৰৱ উদযাপনৰ বিশেষ দিন হিচাপে ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্দ্ধ ঘোষনাই চৰকাৰী বিভাগৰ কৰ্মী-কৰ্মচাৰীয়ে বন্দ্ধ ভোগ কৰিছে কিন্তু চাহ জনগোষ্ঠীৰ ৭০%চাহ শ্ৰমিকে বাগিচাত কাম কৰিব লগীয়া হোৱা ঘটনাই কৰম উৎসৱৰ প্ৰতি জনোৱা সন্মান যেন বিকৃত হৈছে,সেইহে প্ৰকৃতাৰ্থত যদি কৰম পৰৱটি পালনৰ অৰ্থে চৰকাৰে ৰাজ্যিক বন্দ্ধ ঘোষণা কৰিলেই জনগোষ্ঠীটোৰ প্ৰতি জনোৱা সাৰ্থক নহব যেতিয়ালৈকে সমগ্ৰ ৰাজ্যজুৰি ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধত চাহ শ্ৰমিকসকলৰ মজুৰীসহ বাগিচাসমুহ বন্ধ ঘোষনা কৰিলেহে কৰম পৰৱটি পালনত সাৰ্থক হব বুলি মন্তব্য কৰে।

Leave A Reply