Breaking

বজাৰত বিক্রীৰ বাবে সাজু মাটিৰ চাকি

0 2,017

পশ্চিম নলবাৰীৰ কুলবিল হীৰাপাৰা এখন ঐতিহ্য মন্ডিত শিল্প গাওঁ। তাহানিৰ দিনৰ পৰাই গাওঁখনৰ আবাল বৃদ্ধ বনিতাৰ পৰা কনমানিলৈকৈ আছে বংশানু ক্ৰমিক শৈল্পিক সত্তা ।প্ৰতিতো উৎসৱৰ ৰতৰত অথবা দীপাৱলীৰ আগমনে তেওঁলোকৰ  মনত আনন্দৰ জোৱাৰ আনে। উৎসৱৰ বতৰত তেওঁলোক ব্যস্ত হৈ পৰে মৃন্ময় শিল্পৰ চাকি , ধূপদানী , দেবী মূৰ্তী,চাকিমালা , ধূনাৰ সাজ, টেকেলী, চৰু , কলহ আদি বনোৱাত ব্যস্ত। দীপাৱলীৰ সময়ত গাওঁখনৰ পৰা বহু লক্ষ চাকী ৰপ্তানী হয় দেশ বিদেশলৈ। উজলাই তোলে মঠ-মন্দিৰ তথা বহু  দালান। কিন্তু এই চাকি নিৰ্মাতাসকলৰ নামি অহা এন্ধাৰ  বাৰু কোনে নাশিবলৈ চেষ্টা  কৰিব। তথাপি অনেক প্ৰতিকুলতাৰ মাজেৰে শিল্পী সকলে এই শিল্প বিধ জীয়াই ৰাখিছে।সমাগত দিপাৱলীত ,ঘৰে ঘৰে মাটিৰ চাকিৰ পোহৰে সমগ্র ৰাজ্যখন আলোকিত কৰি সকলো অপাই অমংগল মৰিষনৰ   কামণাৰ  বাবে অপেক্ষা কৰি আছে ৷বিগত দুটা বছৰে     মৃৎশিল্পী সকলে   ব্যবসায়ৰ বাবে  মুৰে কপালে হাত দিব লগা হৈছে ৷ এইবেলিও কুলবিলৰ হীৰাপাৰা চুবুৰীৰ প্রটিতো পৰিয়ালে লাখ লাখ মাটিৰ চাকি বনাই বজাৰত বিক্রী কৰাৰ বাবে সাজু কৰিছে ৷ইফালে চৰকাৰে এই গাওঁখনৰ পৰা মাটিৰ চাকি ক্রয় কৰি বিতৰন কৰিছে ৷কিন্তু শিল্পী গীৰিশ দাস,জয়ৰাম দাস,নিলকান্ত দাসে আমাৰ আগত দুখেৰে প্রকাশ কৰে যে বৰ্তমান  মাটিৰ চাকি সাজিলে কি হৱ?  বজাৰত মিঠাতেলৰ আকাশলংঘী দৰৰ বাবে  মানুহে মাটিৰ চাকি কিনিবলৈ আমাৰ ওচৰলৈ অহা নাই । মানুহে সীমিত ভাবে  মাটিৰ চাকি জ্বলাই নিয়মটো পালন কৰিব বুলি ধাৰনা হৈছে ৷এতিয়া তেওলোকে    কি কৰো কি নকৰো চিন্তাত পৰিছে। 

Leave A Reply