Breaking

নগৰৰ বাসিন্দাৰ বাবে ৰেডিমেড মেজি, ক’ত উপলব্ধ এই ৰেডিমেড মেজি…

0 149

আপুনি গুৱাহাটীৰ এপাৰ্টমেণ্টত থাকি মাঘ বিহুত পৰম্পৰাগত মেজি জ্বলোৱাৰ পৰিকল্পনা কৰিছে নেকি? অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা কেইমিটাৰমান নিলগত অসমৰ শিৱসাগৰ জিলাৰ ডিমৌ চাৰিআলিৰ বাসিন্দা বাবুল চেতিয়াই কৃষি কেম্পাছ উলুবাৰীৰ সন্মুখৰ ফুটপাথত সহজে বহন কৰিব পৰা মেজিৰ ব্যৱস্থা কৰিছে।

১৯৮৮ চনত প্ৰাক্তন মিষ্টাৰ অসম আৰু পিছৰ বছৰবোৰত বাবুল চেতিয়া (Babul Chetia)ই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই আনিছে। এতিয়া চেতিয়াই অসমীয়া সংস্কৃতিৰ প্ৰাণ বিহুৰ মেজিক লৈ কৰিছে এনে প্ৰচেষ্টা। যোৱা দুবছৰ ধৰি এই মেজি তৈয়াৰ কৰি আহিছে আৰু তেওঁৰ এই প্ৰচেষ্টাই বহুল প্ৰশংসা আৰু সমাদৰ লাভ কৰিছে (Chetia has been making these Mejis for last two year)।

“এই কংক্ৰিটৰ চহৰখনৰ বাসিন্দাসকলৰ বাবে এনে পৰম্পৰাসমূহৰ সৈতে পৰিচিত হোৱাটো টান। সেয়ে মোৰ প্ৰচেষ্টা এই মেট্ৰ’ চহৰৰ নতুন প্ৰজন্মক তেওঁলোকৰ শিপা আৰু পৰম্পৰাৰ সৈতে পৰিচিত কৰোৱা। মাঘ বিহুত এটা মেজিৰ স্বাভাৱিকতে আৱশ্যকতা থাকে।”

তেওঁ লগতে কয়- ”এই মেজিবোৰ অৰ্ডাৰ দিব পাৰি আৰু আমি তেওঁলোকৰ ঘৰত বা এপাৰ্টমেণ্টৰ চোতালৰ মুকলি ঠাইত ইয়াক সজাওঁ।”

ধানৰ খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই মেজিবোৰ। আকাৰ আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰি এই মেজি ৭০০ টকাৰ পৰা ২৫,০০০ টকালৈকে লাভ কৰিব পাৰি।

“এই বছৰ এতিয়ালৈকে মই ৩৫ টাতকৈও অধিক এনে মেজি বিক্ৰী কৰিছোঁ আৰু বহুতো অৰ্ডাৰ আছে যিবোৰ কাইলৈৰ ভিতৰত ডেলিভাৰী দিব লাগিব।” প্ৰাক্তন মিষ্টাৰ অসমে লগতে কয়।

চেতিয়াই আনন্দ প্ৰকাশ কৰি কয়- মেজিসমূহ কিনাৰ উপৰি মানুহে মোৰ মেজিৰ সৈতে ছেলফি ক্লিক কৰিবলৈ আহে। ই সুখৰ কথা। ইয়াৰ দ্বাৰা চহৰবাসীৰ মাজত পৰম্পৰাগত মেজিক জনপ্ৰিয় কৰাৰ মোৰ যি উদ্দেশ্য সেয়া পূৰণ হয়।

Leave A Reply