Breaking

পুনৰ আবিৰ্ভাৱ ক’ভিডৰ নতুন প্ৰজাতি

0 2,054

অ’মিক্ৰণৰ পিছত এইবাৰ IHU! সমগ্ৰ বিশ্বতে অ’মিক্ৰণ ইতিমধ্যে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰাৰ সমসাময়িকভাৱে পুনৰ ভূমুকি মাৰিছে ক’ভিদৰ আন এটা প্ৰজাতিয়ে।

ফ্ৰান্সৰ বিজ্ঞানীসকলে ক’ভিদৰ এই নতুন প্ৰজাতিটো চিনাক্ত কৰিছে। ইতিমধ্যে এই নতুন প্ৰজাতিটোক IHU নামেৰে নামাঙ্কন কৰা হৈছে।

গৱেষকসকলৰ মতে IHU ত ৪৬ টা পৰিৱৰ্তন থাকে। এইফালৰ পৰা IHU ৰ পৰিৱৰ্তনৰ হাৰ অ’মিক্ৰনতকৈও অধিক। নতুন প্ৰজাতিটোক অধিক সংক্ৰামক বুলিও কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি মাৰ্চেইলৰ ওচৰত এতিয়ালৈকে ১২ টা IHU সম্বন্ধীয় ঘটনা দেখা গৈছে। আফ্ৰিকান দেশ কেমেৰুন ভ্ৰমণকাৰী ব্যক্তি এজনৰ শৰীৰত প্ৰথম এই প্ৰজাতিটোৰ উপস্থিতি ধৰা পৰে বুলি জানিব পৰা গৈছে।

Leave A Reply