Breaking

মন্দাৱস্থা নে আন কিবা? ২৪,২৫০ ৰো অধিক ভাৰতীয়ই ৮৪ টা ষ্টাৰ্টআপ কোম্পানীত হেৰুৱাইছে কৰ্মসংস্থাপন!

0 66

কোভিডৰ অচিলালৈ দেশ তথা বিদেশৰ বহু কোম্পানীত চলি আছে ছাটাই অভিযান। ভাৰতীয় ষ্টাৰ্টআপবোৰতো ছাটাই বন্ধ কৰা হোৱা নাই আৰু এতিয়ালৈকে ২৪,২৫০ ৰো অধিক ভাৰতীয় কৰ্মচাৰীয়ে ঘৰুৱা ষ্টাৰ্ট-আপত চাকৰি হেৰুৱাইছে।এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

আগশাৰীৰ ষ্টাৰ্টআপ কভাৰেজ পৰ্টেল ইনক ৪২-ৰ শেহতীয়া তথ্য অনুসৰি, আজিলৈকে ৮৪ টা ষ্টাৰ্টআপৰ দ্বাৰা ২৪,২৫৬ জন কৰ্মচাৰীক ছাটাই কৰা হৈছে।

আগশাৰীৰ ডিজিটেল স্বাস্থ্যসেৱা প্লেটফৰ্ম প্ৰক্টোৱে কোম্পানীটোৰ নিৰন্তৰ পৰিকল্পনা প্ৰক্ৰিয়াৰ অংশ হিচাপে ৪১ জন কৰ্মচাৰীক ছাটাই কৰিছে। ঘৰুৱা গ্ৰোচাৰী ডেলিভাৰী প্ৰদানকাৰী ডুনজোৱে ইয়াৰ কৰ্মশক্তিৰ কমেও ৩০ শতাংশ, প্ৰায় ৩০০ কৰ্মচাৰীক ছাটাই কৰিছে।

প্ৰতিবেদন অনুসৰি বাংগালুৰুস্থিত জেষ্টমানিয়ে ইয়াৰ কৰ্মশক্তিৰ ২০ শতাংশ ছাটাই কৰিছে, যিয়ে প্ৰায় ১০০ জন কৰ্মচাৰীক প্ৰভান্বিত কৰিছে। একেদৰে হোমগ্ৰাউন ফেণ্টাচী ই-স্পৰ্টছ ষ্টাৰ্টআপ ফেনক্লেছে ইয়াৰ কৰ্মশক্তিৰ প্ৰায় ৭৫ শতাংশ ছাটাই কৰিছে বুলি প্ৰতিবেদন খনত প্ৰকাশ।

যোৱা মাহৰ শেষৰ ফালে, এনএকাডেমীৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ মুঞ্জালে কোম্পানীটোৰ কৰ্মচাৰীৰ সংখ্যা ১২ শতাংশ বা ৩৫০ তকৈ অধিকহ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল।

কৰ্মচাৰীৰ ছাটাইৰ তালিকাত শীৰ্ষত থকা ষ্টাৰ্টআপবোৰৰ ভিতৰত আছে বিৱাইজেইউ, ওলা, ওইঅ’, মীশো, এমপিএল, লিভস্পেচ, ইনোভেক্কাৰ, উদান, এনএকাডেমী আদি।

Leave A Reply