Breaking

ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়ালে সোনৰ পদক

0 2,233

তেজপুৰত অনুষ্ঠিত ৩৮সংখ্যক শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়াই আনিবলৈ সক্ষম হল সোনৰ পদক।শোণিতপুৰ জিমৰ উদ্যোগত যোৱা ২০ আৰু ২১ নবেম্বৰ তাৰিখত তেজপুৰৰ অসমীয়া ক্লাৱৰ অনুষ্ঠিত প্ৰতিযোগিতাৰ ভাৰত্তোলন শাখাৰ ৬৭ শিতানত জেষ্ঠ্য শাখাত ৰঙাপৰাৰ জুমৰাত আলিয়ে  সোনৰ পদক অৰ্জন কৰে।ভাৰত্তোলন শাখাৰ ৫৫ কেজি শিতানৰ কনিষ্ঠ শাখাত জিন্টু ৰাম বড়োয়ে সোনৰ পদক লাভ কৰে।প্ৰতিযোগিতাৰ শক্তি উত্তোলন শাখাৰ ৭৪ শিতানৰ দিলিপ গুৰুংয়ে মাষ্টাৰ গল্ড লাভ কৰিবলৈ সক্ষম হয়।শক্তি উত্তোলন শাখাৰ ৮৩ শিতানৰ জেষ্ঠ্য শাখাত  নয়ন বৰাই সোনৰ পদক লাভ কৰে।প্ৰতিযোগি সকলে ৰঙাপৰাৰ ছাই পাৱাৰ ফিটনেছ জিমৰ ছালামত দেৱানৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছিল।

Leave A Reply