Breaking

অনুশীলনৰ পৰা বিৰতঃ আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ সঁচাকৈয়ে আহিছিলনে ভাবুকি!

0 22

আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ ভাবুকি অহা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে দেশজুৰি হৈ চৈ লাগে। বাতৰিত কোৱা হৈছিল যে নিৰাপত্তাৰ খাতিৰতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে নকআউট মেচ আৰম্ভ হোৱাৰ পূৰ্বে একমাত্ৰ অনুশীলন বাতিল কৰিবলগীয়া হৈছে। বাংলা সংবাদমাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি বিৰাট কোহলীৰ নিৰাপত্তাক লৈ এই সমস্যাৰ উদ্ভৱ হোৱাত আৰ চি বিয়ে অনুশীলন ত্যাগ কৰে। বুধবাৰে এলিমিনেটৰৰ পূৰ্বে মঙলবাৰে আহমেদাবাদৰ গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰিবলগীয়া আছিল যদিও সূচী অনুসৰি আগবাঢ়িব নোৱাৰিলে।

এবিপিৰ প্ৰতিবেদন অনুসৰি গুজৰাট আৰক্ষীয়ে ইংগিত দিয়ে যে অনুশীলন অধিবেশন আৰু সংবাদমেল বাতিলৰ আঁৰৰ প্ৰধান কাৰণ বিৰাটৰ নিৰাপত্তা। লগতে আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত আহমেদাবাদৰ পৰা ৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এতিয়া টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ এজন শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি উন্মোচিত হোৱা কাণ্ডসমূহৰ এক বেলেগ সংস্কৰণ দিয়া হৈছে। “কোনো সন্ত্ৰাসৰ ভাবুকি নাছিল। আমি ৰাজস্থান ৰয়েলছ আৰু আৰ চি বি দুয়োটা দলে গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰ চি বিয়ে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ অনুশীলন কৰাৰ কথা আছিল, তাৰ আগতে তেওঁলোকে ৩-৬ বজালৈ সলনি কৰিছিল, কিয়নো পোহৰ ভাল আছিল৷ আহমেদাবাদত গ্ৰীষ্মকালত সন্ধিয়া ৬.৩০ বজালৈকে। অৱশ্যে ৰাজস্থান ৰয়েলছে সন্ধিয়া ৩.৩০ৰ পৰা ৬.৩০ বজালৈ গুজৰাট কলেজ খেলপথাৰত নিজৰ সম্পূৰ্ণ দলৰ সৈতে অনুশীলন কৰে।’-গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ সম্পাদক অনিল পেটেলে এইদৰে কয়।

“আৰচিবিয়ে মহানগৰীত প্ৰচলিত গৰমৰ বাবে তেওঁলোকৰ অনুশীলন অধিবেশন এৰি দিলে। আমি আৰচিবিক কৈছিলোঁ যে তেওঁলোকে তাত থকা ইনড’ৰ প্ৰেকটিছৰ সুবিধা, বা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ইনড’ৰ ফেচিলিটিত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে আৰচিবিয়ে অনুশীলন কৰিব বিচৰা নাছিল গৰমৰ বাবেহে।’’ এই স্পষ্টীকৰণৰ পিছতে বহুতৰে মনত সৃষ্টি হোৱা খুদুৱনি মাৰ গৈছে।

Leave A Reply