Breaking

নিয়মিত মাছ আৰু ওমেগা-৩ চৰ্বিযুক্ত এচিড গ্ৰহণৰ বাবে মানসিক চাপ আৰু আত্মহননৰ প্ৰৱণতা দূৰ কৰে…

0 33

মাছ কিয় খাব লাগে –

১) মাছে মানুহৰ শৰীৰ গঠনত সহায় কৰে ।

২) মস্তিষ্কৰ বিকাশ আৰু চকুৰ ৰেটিনাৰ বাবে মহৌষধ ।

৩) স্নায়ুতন্ত্ৰ সবল কৰি মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে ।

৪) বিজ্ঞানীসকলে কয় যে মানুহৰ মগজুত থকা ছেৰিটমিন আৰু থন এড্ৰানালিন ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে একমাত্ৰ মাছ খোৱাৰ ফলত ।

৫) ই মানুহৰ ভাল টোপনি অহাত সহায় কৰে ।

৬) নিয়মিত মাছ আৰু ওমেগা-৩ চৰ্বিযুক্ত এচিড গ্ৰহণৰ বাবে মানসিক চাপ আৰু আত্মহননৰ প্ৰৱণতা দূৰ কৰে ।

৭) মাছৰ দেহত থকা এন-৩ জাতীয় পলি অন চেচুৰেটেড ফেটী এচিডে হৃদৰোগত বাধা দিব পাৰে ।

৮) ডঁৰিকনা, চন্দা, কাৱৈ, পুঠি, খলিহনা, শিঙৰা মাছ ভিটামিনৰ ভঁৰাল বুলি কোৱা হয় ।

৯) মাছৰ হাড় চোবাই খালে দৃষ্টিশক্তি বৃদ্ধি হয় ।

১০) পুঠিমাছ ঘিউত ভাজি খালে পুৰুষৰ বীৰ্য বাঢ়ে বুলি কোৱা হয় ।

এতিয়া আলোচনা কৰিবলৈ লৈছো কি কি মাছৰ কি কি ঔষধি গুণ আছে ।

ৰৌ মাছ –

মাছৰ সোৱাদ ৰৌ

আঞ্জাৰ সোৱাদ ঔ

ৰৌ মাছ স্বাস্থ্যৰ বাবে বৰ উপকাৰী । ই মানুহৰ দেহ-মন সুস্থ সবল কৰি ৰাখিব পাৰে । যথেষ্ট প্ৰটিন পোৱা যায় ৰৌ মাছত । ৰৌমাছে শুক্ৰ বৃদ্ধি কৰে । ৰৌ মাছ খালে মানুহৰ বাত বেমাৰ নাশ হয় । বিশেষকৈ কাহ, কফ, হাপানী, পিত্তনাশক এই ৰৌ মাছ ।

কাৱৈ মাছ –

কাৱৈ মাছ বৰ উপকাৰী । কাৱৈ মাছ আৰু পালেং শাক খাবলৈ বৰ সোৱাদ লগা হয় । পালেং শাক আৰু কাৱৈ মাছৰ আঞ্জা বায়ু দোষ আৰু পিত্ত ৰোগৰ মহৌষধ । কাৱৈ মাছ ধনিয়াৰে জোল কৰি খালে কাহ-কফ নিৰাময় হয় । কাৱৈ ৰুচিকাৰক । কাৱৈ মাছ জুইত সেকি বা পুৰি সৰিয়হ তেল আৰু কলাখাৰ দি কেঁচা জলকীয়াৰে পিটিকি খালে বৰ জুতি লগা হয় । এচিডিটী হ্ৰাস কৰে । ই হজম শক্তি বঢ়ায় ।

ভকুৱা মাছ :-

ভকুৱা মাছ খাবলৈ বৰ সোৱাদ । ই গুৰুপাকী ৰসযুক্ত আৰু উষ্ণবীৰ্য । ই ত্ৰিদোষনাশক আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰে বুলি কোৱা হয় ।

Leave A Reply