Breaking

সমগ্ৰ গুৱাহাটীতে ১০ দিনলৈ অব্যাহত থাকিব গৃহহীন লোকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ অভিযান

0 87

মহানগৰীৰ গৃহহীন লোকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে আগন্তুক ১০ দিনৰ বাবে সমগ্ৰ গুৱাহাটীত এক অভিযান চলাব।

এই সন্দৰ্ভত কামৰূপ মেট্ৰৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ডিচিপি, এডিচি, চাইল্ডলাইন আদি বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ সকলো অংশীদাৰক পুনৰ্বাসন অভিযানত অংশগ্ৰহণ অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

বৈঠকত সিদ্ধান্ত লোৱা হয় যে অহা দহ দিনৰ ভিতৰত পথত বসবাস কৰা লোকসকলক উদ্ধাৰ কৰি নৈশ আশ্ৰয় শিবিৰলৈ অনাৰ বাবে নিয়মীয়া অভিযান চলাব পৰাকৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব।

জিলা নডেল বিষয়াৰ দায়িত্বত থাকিব এডিচি ঝৰ্ণা পাটগিৰি, লক্ষ্যজিৎ দুৱৰীয়া, আৰু সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ। এই অভিযান আৰম্ভ কৰাৰ বাবে জিলা শিশু সুৰক্ষা বিষয়া, গৌহাটী পৌৰ নিগমৰ কালেক্টৰ আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি জড়িত থাকিব।

ইয়াৰ উপৰিও টাস্ক ফ’ৰ্চৰ কাম-কাজ চোৱাচিতা কৰিবলৈ, পৰামৰ্শ প্ৰদান কৰিবলৈ আৰু ৰাজপথত নিঃস্বতাৰ স্থায়ী সমাধান বিচাৰিবলৈ এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।

উল্লেখযোগ্য যে, উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নেতৃত্বত কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে উচ্চপদস্থ বিষয়াৰ সৈতে গুৱাহাটীৰ পানবজাৰ আৰু উলুবাৰী অঞ্চলত গভীৰ নিশা অভিযান চলাই গৃহহীন লোকসকলক আশ্ৰয় গৃহৰ বাবে পুনৰ সংস্থাপন কৰে।

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উৰণীয়া সেতুৰ তলত পৰিয়ালৰ সৈতে বসবাস কৰা দেখা পোৱাসকলক থকাৰ ব্যৱস্থা আৰু উপাৰ্জনৰ সুবিধা প্ৰদান কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়াৰ পাছতে এই পদক্ষেপ লোৱা হৈছে৷

Leave A Reply