Breaking

আমগুৰিত কাব্য সংকলন “অসম্পূৰ্ণতাত জ্বলি থাকে সূৰ্য” উন্মোচন….

0 60

আমগুৰিৰ পৌৰসভাৰ সভাকক্ষত লেখিকা সংস্থা অসমৰ ম’ৰাবজাৰ শাখাৰ আতিথ্যত এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট লেখিকা বনশ্ৰী নেওগৰ কাব্য সংকলন “অসম্পূৰ্ণতাত জ্বলি থাকে সূৰ্য” উন্মোচন কৰা হয়। পেচাত শিক্ষকতা কৰা বনশ্ৰী নেওগৰ প্ৰথমখনি কাব্য সংকলন “অসম্পূৰ্ণতাত জ্বলি থাকে সূৰ্য” উন্মোচন কৰে কবি প্ৰেম গগৈয়ে। ম’ৰাবজাৰ শাখা লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তোষেশ্বৰী নেওগ ফুকনে বন্তি প্ৰজ্বলন কৰে।

লেখিকা সংস্থা অসমৰ ম’ৰাবজাৰ শাখাৰ সম্পাদিকা অঞ্জনা গগৈয়ে আঁত ধৰা উন্মোচনী সভাৰ সভাপতিত্ব কৰে শাখাৰ সভানেত্ৰী মীৰা গগৈয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ‘ক্ৰান্তিকাল’ৰ কবি যোগেশ কিশোৰ ফুকন, নৱপ্ৰজন্মৰ কবি প্ৰাঞ্জল প্ৰতিম বড়া আৰু সাংস্কৃতিক কৰ্মী তথা শিক্ষক বিমান শইকীয়া উপস্থিত থাকে। অনুষ্ঠানত আমগুৰি আৰু ম’ৰাবজাৰ অঞ্চলৰ বিভিন্নজন গন্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply