Breaking

পঞ্জাৱত হিন্দী চিনেমাৰ কায়দাত হাতত তৰোৱাল-বন্দুকলৈ আৰক্ষী থানাত আক্ৰমণ ধৰ্মীয় গুৰুৰ

0 59

পঞ্জাৱৰ অমৃতসৰৰ আজনালাত ৱাৰিছ পাঞ্জাৱ দেৰ সভাপতি তথা স্বঘোষিত ধৰ্মীয় নেতা অমৃতপাল সিঙৰ সৈতে আৰক্ষীৰ এখন খণ্ডযুদ্ধ লগাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত অমৃতপালৰ সমৰ্থকসকলে আজনালাত একত্ৰিত হৈ অমৃতপাল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাৱস্ত্য কৰে। আৰক্ষীয়ে অমৃতপাল আৰু তেওঁৰ সমৰ্থকসকলক আজনালা আৰক্ষী থানাত প্ৰৱেশ কৰাত বাধা দিবলৈ কঠোৰ নিৰাপত্তা আৰু বেৰিকেড স্থাপন কৰিছিল। যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ আজনালাত পাঁচখন জিলাৰ আৰক্ষী মোতায়েন কৰা হৈছিল।

অমৃতপালে আজনালাত এখন ৰেলী আহ্বান কৰিব বুলি ঘোষণা কৰিছিল। চৰকাৰে তেওঁৰ লগতে তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ প্ৰত্যাহাৰ নকৰিলে পৰিস্থি ভয়াৱহ হ’ব বুলিও ধৰ্মীয় গুৰুজনে সকিয়াই দিছিল। ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ সমৰ্থকসকলে অমৃতসৰৰ আজনালা আৰক্ষী থানাৰ বাহিৰত হাতত তৰোৱাল আৰু বন্দুকলৈ আৰক্ষীৰ বেৰিকেড ভাঙি পেলায়। তেওঁলোকে অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী লাভপ্ৰীত টুফানক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদতথানাৰ বাহিৰত সমবেত হৈছিল। উল্লেখ্য ধৰ্মীয় গুৰু জনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছতে তেওঁৰ লগতে তেওঁৰ কেইবাজনো অনুগামীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছে।

Leave A Reply