Breaking

মাৰ্ঘেৰিটাত সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ…

0 1,090

ৰাজ্যৰ বিভিন্ন অংশৰ লগতে  নিৰ্ভীক  সাংবাদিক পৰাগ কুমাৰ দাসক মাৰ্ঘেৰিটাতো স্মৰণ কৰা হয় | মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত এই উপলক্ষে আয়োজিত অনুষ্ঠানত  পৰাগ কুমাৰ দাসৰ প্রতিচ্ছবিত মাল্যপৰ্ণ, পুষ্পাঞ্জলী প্রদান আৰু বন্তি প্রজ্ব লন কৰে ক্ৰমে  অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূৱ মণ্ডলৰ সম্পাদক ৰাণাজ্যোতি নেওগ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি পাৰ্থ প্রতীম গোস্বামীয়ে | বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূৱ মণ্ডলৰ সম্পাদক গৰাকীয়ে ভাষণত  নিৰ্ভীক পৰাগ কুমাৰ  দাসৰ কৰ্মৰাজি, আদৰ্শৰ ওপৰত আলোকপাত কৰি  প্রয়াত সাংবাদিক গৰাকী  আদৰ্শৰে অনুপ্রাণিত হোৱাৰ আহবান জনায় ।

সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰে  আঁত ধৰা অনুষ্ঠানত অাদিবাসী ছাত্র সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰামানুজ লাক্ৰাইয়ো অংশ গ্রহণ কৰে |আজিৰ অনুষ্ঠানত  সংস্থাৰ সাধাৰণ সম্পাদক প্রশান্ত চেতিয়া, উপসভাপতি বিকাশ বৰুৱা, জাহিদ আলি, অৰুণ ভূঞাঁ,আব্দুল আলিম, কিশান লামা আদি সংস্থাৰ সদস্য সকলে প্রয়াত সাংবাদিক গৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰে |

Leave A Reply