Breaking

‘হেল্থ ড্ৰিংক’ৰ লেবেল আঁতৰোৱা হৰলিক্সৰ পৰা…

0 14

হৰলিক্সৰ পৰা আঁতৰোৱা হ’ল ‘হেল্থ ড্ৰিংক’ৰ লেবেল। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে ই-কমাৰ্চ ৱেবছাইটত কেইবাটাও ‘হেল্থ ড্ৰিংক’ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে এই সিদ্ধান্ত।কিছুদিন পূৰ্বে ‘বৰ্ণভিটা’ক ‘স্বাস্থ্যকৰ পানীয়’ৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল। সকলো ই-কমাৰ্চ কোম্পানীকে ‘স্বাস্থ্যকৰ পানীয়’ শিতানত ব’ৰ্নেভিটাক অন্তভুক্ত কৰিব নালাগে বুলি নিৰ্দেশ দিয়া হৈছিল। এইবাৰ সেই তালিকাত অন্তভুক্ত হ’ল হৰ্লিকছো। হৰ্লিক্সৰ বটলৰ পৰা ‘হেল্থ ফুড ড্ৰিংকছ’ টেগ আঁতৰাইছে পানীয় নিৰ্মাতা হিন্দুস্তান ইউনিলিভাৰে। তাৰ পৰিৱৰ্তে লিখা হৈছে, ‘কাৰ্য্যকৰী ৰাষ্ট্ৰীয় পানীয়’ (FND)।


কোম্পানীটোৰ মুখ্য বিত্তীয় বিষয়া ৰিতেশ তিৱাৰীয়ে কয় যে হৰ্লিক্স এতিয়া ‘এফএনডি’ শিতানত অন্তৰ্ভুক্ত। কিন্তু পৰিৱৰ্তনৰ পিছতো গ্ৰাহকৰ বৃদ্ধি আৰু হৰ্লিক্সৰ ওপৰত গ্ৰাহকৰ আস্থা বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।


জনা যায় যে Bournevita, Horlicks আদি পানীয়ত চেনিৰ পৰিমাণ অতি বেছি। এই ধৰণৰ পানীয় সাধাৰণতে শিশু আৰু বয়স্ক লোকে গ্ৰহণ কৰে। ফলত বৃদ্ধাৱস্থা আৰু বাৰ্ধক্যত অত্যধিক চেনি শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলি বহুতে বিশ্বাস কৰে। প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে ‘শিশুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আয়োগে’ কৈছিল যে ২০০৬ চনৰ খাদ্য সুৰক্ষা আইনত স্বাস্থ্যসন্মত পানীয়ৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। শেহতীয়াকৈ ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই সকলো ই-কমাৰ্চ ৱেবছাইটত দুগ্ধজাত সামগ্ৰী, শস্য আৰু পানীয়ক স্বাস্থ্যকৰ পানীয়ৰ শিতানত অন্তৰ্ভুক্ত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এফ এছ এছ এ আইৰ মতে, ভুল তথ্যৰে গ্ৰাহকক বিপথে পৰিচালিত কৰা হৈছে।


Leave A Reply