Breaking

স্বাস্থ্য ভাল নহয় প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ! নাতিনীয়েকৰ বিয়াত নাচি আঘাতপ্ৰাপ্ত অভিনেতাগৰাকী…

0 70

বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰৰ অৱস্থা ভাল নহয়। দুসপ্তাহ ধৰি তেওঁৰ স্বাস্থ্য ভাল নাছিল। এখন বিয়াত নাচি থাকোঁতে তেওঁ পৰি আঘাতপ্ৰাপ্ত হয়। হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক লৈ উদ্বেগ বৃদ্ধি কৰা খবৰ ওলাইছে। এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ধৰ্মেন্দ্ৰ আঘাতপ্ৰাপ্ত হৈছিল। কিছুদিনৰ আগতে তেওঁ পাৰিবাৰিক অনুষ্ঠান এটালৈ গৈছিল, য’ত তেওঁ নাচি থাকোঁতে পৰিছিল। ইয়াৰ বাবেই তেওঁৰ কঁকাল আৰু ভৰি আঘাতপ্ৰাপ্ত হয়। বৰ্তমান অভিনেতাজন ঠিকেই আছে। চিন্তা কৰিবলগীয়া একো নাই। অৱশ্যে আঘাতৰ বাবে তেওঁ নিশ্চিতভাৱে বহু সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমান ধৰ্মেন্দ্ৰৰ সুস্থ অৱস্থা। অৱশ্যে এতিয়া তেওঁৰ অৱস্থা কিছু উন্নত হৈছে।

এক সূত্ৰই ধৰ্মেন্দ্ৰৰ স্বাস্থ্য সন্দৰ্ভত জনোৱা মতে, ‘কিছুদিন পূৰ্বে তেওঁ পৰিয়ালৰ সৈতে উদয়পুৰলৈ গৈছিল এটা অনুষ্ঠানৰ বাবে। য’ত ছানি দেউল আৰু ববি দেওলও গৈছিল। পাৰ্টিত নাচি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হয়। ইয়াৰ বাবেই তেওঁৰ স্বাস্থ্যও প্ৰভাৱিত হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে ধৰ্মেন্দ্ৰ এতিয়া ভালেই আছে। তেওঁৰ আঘাতো ভাল হৈছে। তেওঁ সম্পূৰ্ণৰূপে বিৰত আছে আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছে। জানিব পৰা মতে, শেহতীয়াকৈ শ্বাহিদ কাপুৰ আৰু কৃতি ছাননৰ ‘তেৰী বাটন মেই আইছা উলঝা জিয়া’ত দেখা গৈছিল ৮৮ বছৰীয়া ধৰ্মেন্দ্ৰক। জানিব পৰা মতে, ফেব্ৰুৱাৰী মাহত উদয়পুৰত ধৰ্মেন্দ্ৰৰ নাতিনী নিকিতা চৌধুৰীৰ বিবাহ হৈছিল। নিকিতা ছানী দেওল আৰু ববি দেওলৰ ভগ্নী অজিতা দেউলৰ কন্যা। নিকিতাৰ বিয়াত প্ৰায় ২৫০ জন লোকৰ সমাগম হৈছিল। য’ত উপস্থিত হৈছিল সমগ্ৰ দেওল পৰিয়াল।

Leave A Reply