Breaking

গণৰাজ্য দিৱসৰ পেৰেডত উজলিব ১২ ৰাজ্যৰ ২১ প্ৰতীকপট

0 2,045

নতুন দিল্লীৰ ৰাজপথত চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ১২ খন ৰাজ্যৰ মুঠ ২১ খন প্ৰতীকপট থাকিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নটা মন্ত্ৰালয়ে প্ৰদৰ্শন কৰিব এই প্ৰতীকপটসমূহ। প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া নাম্পিবৌ মাৰিনমাই পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতীক পটৰ বিষয়ে অৱগত কৰে।


গুজৰাট,মহাৰাষ্ট্ৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, গোৱা, মেঘালয়, জম্মু-কাশ্মীৰ ৰাজ্যৰ প্ৰতীকপটে এইবেলি গণৰাজ্য দিৱসৰ পেৰেডত স্থান লাভ কৰিছে। মেঘালয়ৰ প্ৰতীকপটত মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন আদিৰ দৃশ্য প্ৰদৰ্শন কৰা হ’ব। সমবায় সমিতি আৰু আত্ম সহায়ক গোটসমূহো জিলিকি উঠিব প্ৰতীকপটত। গুজৰাটৰ প্ৰতীকপটত গুজৰাটৰ জনজাতীয় বিপ্লৱীসকলক প্ৰদৰ্শন কৰা হ’ব, গোৱাৰ প্ৰতীকপটত বিভিন্ন ঐতিহাসিক আৰু প্ৰাকৃতিক আকৰ্ষণ প্ৰদৰ্শন কৰা হ’ব বুলি প্ৰতিৰক্ষামন্ত্ৰণালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

Leave A Reply