Breaking

প্ৰশাসনলৈ অনুৰোধ….

0 66

অংশুমান ভূঞা

প্ৰকৃতিৰ ওপৰত মানৱৰ অত্যাচাৰে বনৰীয়া জীৱকূলৰ জীৱন-ধাৰণত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ কুফল এতিয়া স্বয়ং মানুহেই ভোগ কৰিবলগীয়া। বন্য জীৱৰ জনাঞ্চলত প্ৰৱেশ, মানুহৰে সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে। অসমৰ অৰ্থনৈতিক দিশকো এই পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিছে। তেনে দুবিধ বন্যপ্ৰাণী কেৰ্কেটুৱা আৰু বান্দৰৰ উপদ্ৰৱে গাঁৱলীয়া ৰাইজক সৰিয়হ ফুল দেখাবলৈ আৰম্ভ কৰিছে। তামোল-নাৰিকল আদিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি অতীজৰে পৰাই সুদৃঢ় কৰি আহিছে। প্ৰায় প্ৰতিঘৰ মানুহৰেই তামোল-নাৰিকলৰ গছ থাকে। কেঁচা তামোল বা শুকুৱাই চুপাৰী কৰি বিক্ৰী কৰিয়েই একো একোখন ঘৰৰ সৰু-বৰ ভালেকেইটা অভাৱ পূৰণ কৰিব পাৰি। ঘৰৰে নাৰিকল কেইটায়ো বিহুৱে-তিথিয়ে সকাহ দি আহিছে। কিন্তু বিগত কেইবছৰমানত কেৰ্কেটুৱাৰ অনিয়ন্ত্ৰিত বৃদ্ধিয়ে গাঁ‌ৱলীয়া মানুহৰ এই আত্মনিৰ্ভৰশীলতাৰ উপায়টোলৈ ভাবুকি কঢ়িয়াই আনিছে। শব্দ কৰি, ফটকা ফুটায়ো কেৰ্কেটুৱাৰ পৰা পৰিত্ৰাণ নোপোৱাত ৰাইজে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা। এই উপদ্ৰৱ অব্যাহত থাকিলে হয়তো অচিৰেই কেৱল ফলবিহীন গছবোৰহে থিয় হৈ থাকিব। ইতিমধ্যে জনাঞ্চলত মোবাইল টাৱাৰবোৰ বহুওৱাৰ ফলত গছবোৰৰ উৎপাদন ক্ষমতা হ্ৰাস পাই আহিছেই। কেৰ্কেটুৱাৰ সমান্তৰালকৈ বৃহত্তৰ চামতাবাসী নতুনকৈ আন এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। সেয়া হৈছে বান্দৰৰ উপদ্ৰৱ। আজি কেইবছৰমান আগলৈ এই অঞ্চলটোত বান্দৰৰ কোনো চিন-মোকাম বুলিবলৈ নাছিল। কেতিয়াবা দুই-এটা আহিলেও দূৰণিবটীয়া আলহীৰ দৰে দুই-এদিন থাকি আকৌ গুচি গৈছিল। কিন্তু এতিয়া যেন তাৰ পৰিৱৰ্তন ঘটিছে। ই এক সমস্যালৈ পৰ্যৱসিত হোৱাৰ উপক্ৰম ঘটিছে। ফল-মূল, শাক-পাচলিৰ বাগিচা ধ্বংস কৰাৰ লগতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিও উৎপাত কৰে। আনকি মানুহক আক্ৰমণ কৰিবলৈও উদ্যত হয়। গতিকে প্ৰশাসনে সময় থাকোতেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ গ্ৰাম্য অৰ্থনীতিক ধ্বংস হোৱাৰ পৰা বচাওক। হাতী-মানুহৰ সংঘাতে গুৰুতৰ ৰূপ লোৱাৰ দৰে বান্দৰৰ ক্ষেত্ৰতো এই আশংকা নুই কৰিব নোৱাৰি।সমগ্ৰ ৰাজ্যখনতে মহৰ উপদ্ৰৱে জ্বলা-কলা খুৱাই আহিছে। ফলত ৰাইজ বিভিন্ন বেমাৰত আক্ৰান্ত হ’বলগীয়াও হৈছে। চামতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এটা মেলেৰিয়া বিভাগ থকা দেখা পাই আহিছোঁ‌ যদিও কোনো এটা বছৰতে ডি.ডি.টি চটিওৱাৰ কোনো উমঘাম মুঠেও লক্ষ্য কৰা নাযায়। নামতহে বিভাগটো আছে যেন বোধ হয়। ২০ বছৰমান আগতেই এবাৰ ডিডিটি চটিওৱাৰ কথা মনত আছে। এই বিষয়টোতো বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আশা কৰিলোঁ।

Leave A Reply