Breaking

কলিয়াবৰৰ মিছামুখত বিষাক্ত মুগী ফেঁটী উদ্ধাৰ

0 75

কলিয়াবৰ

কলিয়াবৰত উদ্ধাৰ হ’ল দুটা বিষাক্ত মুগী ফেঁটী। কলিয়াবৰৰ মিছামুখৰ অনিল বড়োৰ ভঁৰালৰ তলত উদ্ধাৰ হয় সাপ দুটা। তাৰে এটা সাপ স্থানীয় ৰাইজৰ ক্ষোভৰ বলি হয়। স্থানীয় গঞা ৰাইজে এটা সাপক যাঠিৰে খুচি আঘাতপ্ৰাপ্ত কৰে। স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই দুয়োটা সাপ উদ্ধাৰ কৰে। ইতিমধ‍্যে আঘাতপ্ৰাপ্ত সাপটো শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্য‍ালয়ত চিকিৎসাৰ ব‍্যৱস্থা কৰা হৈছে। প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰা আনটো মুগী ফেঁটী হাবিত সুৰক্ষিত অৱস্থাত এৰি দিয়ে।

Leave A Reply