Breaking

নলবাৰীত দুষ্প্ৰাপ্য বনৰীয়া হাঁহ উদ্ধাৰ

0 2,242


মঙ্গলবাৰে ৰাতিপুৱা নলবাৰী জিলাৰ হোটেল প্ৰমোদা সমীপত এটা বনৰীয়া পৰিভ্ৰমী দুষ্প্ৰাপ্য হাঁহ এটি উদ্ধাৰ হয় ।  হোটেল প্ৰমোদাৰ সমীপত থকা  ESAF Small finance Bank ৰ কৰ্মচাৰীয়ে এটি ড্ৰেইনত এই দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো চটফটাই থকা প্ৰত্যক্ষ কৰে  । লগালগ বেংকটোৰ কৰ্মচাৰীয়ে হাঁহটো ড্ৰেইনৰ পৰা উদ্ধাৰ কৰি বেংকৰ ভিতৰত লৈ আহি সুৰক্ষিত কৰি ৰাখে আৰু সংবাদ মাধ্যমৰ লগত বেংক কৰ্তৃপক্ষই যোগাযোগ কৰে  । পিছত নলবাৰীৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ পৰা এটি সজাতি দল উপস্থিত হৈ দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বন বিভাগৰ কাৰ্য্যালয়ত লৈ যায়  । বন বিভাগৰ লোকে অনুমান কৰা অনুসৰি এই দুষ্প্ৰাপ্য হাঁহটো পৰিভ্ৰমী হয় আৰু উৰি আহি থাকোতে আঘাত প্ৰাপ্ত হৈ উক্ত অঞ্চলত পৰা থকা বুলি সন্দেহ ব্যক্ত কৰে  ।

Leave A Reply