Breaking

ডিমৌত প্ৰসূতি আৰু নৱজাতকৰ কৰুণ মৃত্যুত শোক, তদন্তৰ দাবী অঞ্চলবাসীৰ

0 2,035

ডিমৌৰ সমীপৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰি চাহ বাগিচাৰ সাত নম্বৰ লাইনৰ বাসিন্দা মিনতি চুন্দী(২৪) নামৰ এগৰাকী প্ৰসূতিৰ লগতে সদ্যজাত শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ বন্যা বৈছে। ১৭ জানুৱাৰীৰ বিয়লি প্ৰসূতি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিবৰ বাবে পৰিয়ালৰ লোকে বহুবাৰ ১০৮ মৃত্যুঞ্জয় সেৱালৈ ফোন কৰিছিল যদিও  মৃত্যুঞ্জয় সেৱাৰ পৰা কোনোধৰণৰ সঁহাৰি নাপাই দৰিদ্ৰ পৰিয়ালটোৱে বাগিচাৰ বাহনেৰে মিনতিক ডিমৌৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰসূতি গৰাকীয়ে ডিমৌ চিকিৎসালয়ত এটি মৃত সন্তান জন্ম দিয়ে। ইয়াৰ পাছতে প্ৰসূতি গৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত ডিমৌৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰে যদিও মাজ বাটতে প্ৰসূতি গৰাকীয়ে কৰুণ ভাবে মৃত্যুক আঁকোৱালি লয়। ৰাইজে প্ৰসূতি আৰু নৱ জাতকৰ মৃত্যু ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।

Leave A Reply