Breaking

‘বিশুদ্ধ পানী যোগান ধৰিব নোৱাৰিলে পদত্যাগ কৰক’ – দিল্লী জল ব’ৰ্ডৰ বিৰুদ্ধে একচন মোডত মন্ত্ৰী আতিশী…

0 65

দিল্লী নিউজঃ ডিজেবিৰ চিইঅ’ক স্পষ্ট নিৰ্দেশনা দি অতিশীয়ে ৪৮ ঘন্টাৰ ভিতৰত দূষিত পানীৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে দিল্লী বাসীয়ে যাতে পৰিষ্কাৰ আৰু পৰ্যাপ্ত পানী পায় তাৰ বাবে দিল্লী জাল ব’ৰ্ডৰ দায়িত্ব। নিউ ফ্ৰেণ্ডছ কলনীত দূষিত পানীৰ অভিযোগ বৃদ্ধি পোৱাৰ বাবে দিল্লী জল ব’ৰ্ডৰ বিৰুদ্ধে একচন মোডত মন্ত্ৰী আতিশী। অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ দিল্লী জাল ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ অভিযোগ পত্ৰ লিখি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। পত্ৰখনত তেওঁ কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে যদি দিল্লীৰ বাসিন্দাসকলে দূষিত পানী পাই আছে তেন্তে ডিজেবিৰ বিষয়াসকলে পদত্যাগ কৰক।

ডিজেবিৰ মুখ্য কাৰ্যবাহী বিষয়াক স্পষ্ট নিৰ্দেশনা দি জলমন্ত্ৰীগৰাকীয়ে দূষিত পানীৰ সমস্যা ৪৮ ঘণ্টাৰ ভিতৰত সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে সমস্যা সমাধান হোৱাৰ পিছত কম্প্লাইয়েন্স ৰিপৰ্ট প্ৰেৰণ কৰিবলৈ ডিজেবিক নিৰ্দেশ দিয়ে। লগতে গাফিলতিৰ বাবে দায়ী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আতিশিয়ে কয় যে প্ৰতিজন দিল্লীবাসীয়ে যাতে বিশুদ্ধ আৰু পৰ্যাপ্ত পানীৰ সুবিধা পাই তাৰ বাবে দিল্লী জাল ব’ৰ্ডৰ দায়িত্ব।


Leave A Reply