Breaking

অসমৰ ঐশ্বৰ্য সম্পদ ৰাজি – অনা-অসমীয়াক গতোৱাত কাৰ লাভ !

0 733

লক্ষী প্ৰসাদ ডেকা

ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অৰ্থনীতি কিমান টনকীয়াল আৰু উদ্যোগ ,অনুষ্ঠান-প্ৰতিষ্ঠান ,বা    বানিজ্য , পৰ্যটন আদি কিমান উন্নত লগতে কোন দিশত আগুৱাই গৈছে । তাক দ’কৈ পৰ্যালোচনা কৰিলে সকলোবোৰ গম পোৱা যাব ।অসমত কি নাই অসমৰ মাটি সোন,পলসুৱা ,প্ৰাকৃতিক সম্পদ ৰাজি ঐশ্বৰ্য বিভূতিয়ে পৰিপূৰ্ণ ।অসমত যিমান ধৰণৰ সম্পদৰে ভৰপুৰ সেইবোৰ সৎ ব্যৱহাৰ আৰু তাৰ লগত জড়িত ব্যৱসায় ভিত্তিত উদ্যোগ অনুষ্ঠান- প্ৰতিষ্ঠান লগতে পৰ্যটন আদিত সঠিক নিয়োজিত হয়, নিশ্চয় অৰ্থনীতি দিশত হাহাকাৰ কৰিব লগীয়া নহব চাগে ! কৰ্ম সংস্থাপনৰ বাবে যুৱক-যুৱতী সকলে হাহাকাৰ কৰি অন্যান্য ৰাজ্যলৈ ঢাপলি মেলিব নেলাগিব নিশ্চয় ।আজি অসমৰ নদ-নদী পৰ্বত-পাহাৰ , প্ৰাকৃতিক সম্পদ ৰাজি আদি প্ৰচুৰ পৰিমানে থাকিলেও ইয়াত বস-বাস কৰা জনগণ আৰু চৰকাৰ আদিয়ে সদিচ্ছা আগ্ৰহ আদি নথকা যেন অনুমান হয় ।মাথো নিজৰ স্বাৰ্থ, সুবিধা আৰু মুনাফাৰ বাবেই যেন চিৰ বিনন্দীয়া প্ৰাকৃতিক সম্পদ ৰাজি ধ্বংস যজ্ঞ কৰিছে তেনে অনুমান হয় ।

বৰ্তমান সমগ্ৰ বিশ্বত ক’ভিড-১৯ কৰ’নাৰ মহা আতংকই সকলো দিশত জন-জীৱন স্তদ্ধ ,জীৱন-জীৱিকাকে আদি কৰি সকলো ক্ষেত্ৰত মানুহৰ হাহাকাৰ  । ফলত বিশ্ব-দেশ আৰু ৰাজ্য সমূহৰ অৰ্থনীতিত ব্যাপক প্ৰভাব পৰিছে ।কিয়নো অৰ্থনীতিয়ে হল চালিকা শক্তি অৰ্থনীতি টনকীয়া নহলে উন্নয়ন প্ৰগতি আৰু বিকাশ সম্ভৱ নহয় ।বিশেষকৈ আমাৰ দৰে উন্নয়শীল দেশ সমূহৰ অৱস্থা কোন দিশে ধাৱিত হব কল্পনা অতীত ।দেশৰ অৰ্থনীতি মোকা-বিলা কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে ।যি কোনো উপায়েৰে অৰ্থনীতি দিশত আগুৱাই নিব লাগে ,লাগিলে দেশৰ মূল্যবান সন্পদ ৰাজ্যৰ স্বাভিমান তথা জনসাধাৰণৰ অনিষ্ট ,চৰম অসুবিধা হওঁক ।মুঠতে ৰাজহ আৰু অৰ্থনীতিৰ সকাহ কৰিব লাগে । ইয়াক লৈ নানা প্ৰতিবাদ ,আন্দোলন আদি কৰিলেও কৰক ।মুঠতে যি কোনো প্ৰকাৰে অৰ্থনীতি সবল কৰি তুলিব লাগে ।কৰ’নাৰ পাছত দেশ-ৰাজ্যৰ জনগণৰ অৱস্থা কি হব ভাবিলে আচৰিত লাগে ।ক’ভিড-১৯ নোহোৱা হলেও মানুহৰ আৰ্থিক অভাব অনাটন অন্ন, বস্ত্ৰ ,বাসস্থান আদিৰ অভাবৰ সংখ্যা সৰ্বাধিক ।যি নেকি মানুহে নিতৌ হাহাকাৰ কৰিব লগীয়া পৰিৱেশে বিৰাজ কৰিছিল ।এতিয়া তাতে আকৌ অৰ্থনীতি আদি ক্ষেত্ৰত মহা সংকট তেনে স্থলত কি হব ।

দেশৰ অৰ্থনীতি মোকা-বিলা কৰিবলৈ অ’এন জি চিয়ে অসমকে ধৰি দেশৰ মুঠ ৪৯ খন প্ৰান্তীয় তৈল আৰু গেছ ক্ষেত্ৰ আদি ব্যক্তিগত কোম্পানীৰ হাতত অতি সংগোপনে গতাই দিয়াৰ এক তথ্য পোহৰলৈ আহিছে ।অ’এন জি চি অসম সম্পদৰ আঠখন তৈল ক্ষেত্ৰ ব্যক্তিগত কোম্পানীক চমজাই দি অত্যাধিক উৎপাদনৰ দ্ধাৰা লাভৰ পৰিকল্পনা কৰিছে । অধিক উৎপাদনৰ লক্ষ্যৰে অসমৰ সম্পদৰ ডিমুৱাল ,চাংমাই গাঁও ,চফ্ৰাই ,পানীদিহিং ,দিচাংমুখ ,সোণাৰি আৰু নাহৰবাৰী আদি তৈলক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় নিবিদাৰ জৰিয়তে ওড়িশাৰ “ষ্টেভ ড’ৰছ লিমিটেড আৰু দুৰ্গান্ত অইল এণ্ড গেছ নামৰ কোম্পানী দুটাক গতাই দিছে ।এই তৈল ক্ষেত্ৰ সমূহৰ ভিতৰত ডিমুৱাল তৈলক্ষেত্ৰ আজিও  অ’এন জি চি য়ে সম্পদৰ উৎপাদন অব্যাহত ৰাখিছে ।অন্যহাতে অসম নবীকৰণ প্ৰকল্প (এ আৰ পি) ৰ সৰ্ব বৃহৎ পুঁজি বিনিয়োগ কৰি ডিমুৱাল তৈল ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন আৰু উৎপাদন মুখী আদি কৰি নানা নিৰ্মান কাৰ্য অ’ এন জি চি অসম সম্পদে সম্পন্ন কৰিছে ।তদুপৰি দিচাংমুখ ,পানীদিহিং তৈল ক্ষেত্ৰ দুখন তেল ,গেছ উৎপাদনৰ সম্ভাৱনা পূৰ্ণ বুলি ইতিম্যে অ’ এন জি চি ৰ বিভিন্ন অন্ষেষণত প্ৰকাশ পাইছে ।বৰ্তমান সময়ত বৃহৎ প্ৰশ্ন হৈছে অসমৰ লগতে খিলঞ্জীয়া অসমীয়াই নানান সময়ত অ’এন জি চি অসম সম্পদৰ তৈল ক্ষেত্ৰ সমূহ ব্যক্তিগত কৰণৰ ওপৰত চৰম  বিৰোধিতা কৰি বিগত সময়ত নানা অভিযোগ দাখিল কৰি আন্দোলন ,প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো কিয় ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ পথ ললে ।অতি উল্লেখ যোগ্য বিষয় যে পানীদিহিং আৰি দিচাংমুখ ৰ তৈল ক্ষেত্ৰ ভাৰতৰ শীৰ্ষ ৰাজনৈতিক নেতা ওড়িশাস্থিত কোম্পানীক প্ৰদান কৰিছে ।যি সময়ত নেকি অ’ এন জি চি ৰ সম্পদৰ সামাজিক দায়বদ্ধতা  শিতানত বিনিয়োগ বন্ধ কৰা বুলি অসম সম্পদৰ পৰা জানিব পৰা গৈছে ।তেনে সময়তে থলগিৰি খিলঞ্জীয়া অসমীয়া ব্যক্তি কৰ্মৰত হৈ থকাৰ লগতে এই সমূহ তৈল ক্ষেত্ৰ আৰু গেছ সমূহৰ পৰা উৎপাদনৰ বিপৰীতে অসম চৰকাৰে যথেষ্ট ৰয়েল্টী লাভ কৰি আহিছে ।তেনে সময়তে অ’এন জি চি কেন্দ্ৰীয় নেতৃ বৃন্দই অৰ্থাৎ শীৰ্ষ কৰ্তৃপক্ষই কিয় ব্যক্তিগত কোম্পানীৰ হাতত গতাই অসমৰ থলগিৰি খিলঞ্জীয়াক ভাতে মৰাৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰ কৰা নাইনে ? বা কৰিলে ,কৰিছে !  মানি লৈছো দেশ-ৰাজ্য অৰ্থনীতি বিধস্ত ।হয়তু অৰ্থনীতিৰ জোৰা টাপলি মাৰিবলৈকে কৰিছে ।কিন্তু সেই বুলি তৈলক্ষেত্ৰ ,গেছৰ প্ৰকল্প সমূহ ব্যক্তিগত কোম্পানীক গতাই দিব ।ইয়াক গতাই নিদি  অধিক উন্নত পৰ্যায়লৈ নিয়ক  বা অধিক উৎপাদনৰ সু ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰিব নোৱাৰেনে !  নিজা ববীযাকৈ , কিন্তু তাকে নকৰে এই ক্ষেত্ৰত আগ্ৰহ -সদিচ্ছা নাই ।মাথোন পুঁজি পতি গোষ্ঠী ,বহুজাতিক কোম্পানী আৰু বনিক গোষ্ঠী আদিক সন্তোষ্ট কৰাত ব্যস্ত ।

দেশৰ অৰ্থনীতি সবল কৰাত উদ্দেশ্যেই সামাজিক আন্তঃগাঁথনি উন্নয়নৰ বাবেও কেতবোৰ নতুন নতুন ঘোষনা কৰে ,কেন্দ্ৰীয় মাননীয় বিত্ত মন্ত্ৰীয়ে ।চিকিৎসালয় ,স্কুল আদিৰ দৰে সামাজিক অনুষ্ঠান -প্ৰতিষ্ঠান বোৰৰ প্ৰতি ব্যক্তিগত বিনিয়োগ কাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে চৰকাৰে “ভায়েবিলিটি গেপ ফাণ্ডি ” ( ভি জি এফ ) ৰ পৰিবৰ্তন কৰা হৈছে ।ঠিক একেদৰে তৃতীয় বৃহৎ কয়লা ভাণ্ডাৰ  ভাৰত বৰ্ষত আছে ইয়াৰে অসমৰ কয়লা উৎকৃষ্ট ।৫০ টা কয়লা খণ্ডৰ নতুন খনিৰো নিলাম কৰা আৰু বিদুৎ বিতৰণ কোম্পানী বোৰ ব্যক্তিগত কৰণৰ আদিৰ কথাৰো অৱগত কৰে সংবাদ মেলত ।তদুপৰি বিভিন্ন শক্তিশালী উদ্যোগ ,অনুষ্ঠান-প্ৰতিষ্ঠান আদিও ব্যক্তিগত কৰণ কৰি কৰ সংগ্ৰহ তথা দেশৰ অৰ্থনীতি শক্তিশালী কৰা চিন্তা চৰ্চা কৰি ইতিমধ্যেই ব্যক্তিগত কৰণৰ সিদ্ধান্ত লৈছে । কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব পূৰ্ণ বিভাগ সমূহৰ কৰ্মচাৰী সমূহ ভি আৰ এচ নতুবা চাতাই অভিযান কৰিছে  ।ফলত কিমান সংখ্যক লোক কৰ্মবিমুখ হব ঠিকনা বিহীন ।এই ক্ষেত্ৰত পুনৰ আন্দোলন ,প্ৰতিবাদ নহবনে ? ইতিমধ্যেই কিছু কিছু বিভাগে ল’ক ডাউনৰ  মাজতো আন্দোলন , প্ৰতিবাদ আদিৰ দিন ঘোষনা কৰিছে ।বিদুৎ বিভাগৰ শক্তি বিতৰণ কোম্পানী অসম শাখা বিজুলী  ভৱনেও আন্দোলন প্ৰতিবাদৰ দিন ঘোষনা কৰিছে ।ইয়াৰ মূলতে ব্যক্তিগত কৰণত সকলো বাধা আৰু প্ৰতিবাদ সাব্যস্ত ।কিন্তু কেন্দ্ৰ -ৰাজ্য চৰকাৰ সমূহে পুঁজি পতি গোষ্ঠী ,বনিক আৰু বহুজাতিক কোম্পানী আদিক তোষামোদ ,সন্তোষ্ট কৰিবলৈ হতকাৰী সিদ্ধান্তবোৰ লৈছে ।ৰাজ্যখৰ অৰ্থনীতি দিশত একেবাৰে উন্নত নহয় ।অথচ প্ৰচুৰ পৰিমানে কেঁচামাল ,সম্পদ আদি থকা স্বত্বেও ইয়াত সৰু-বৰ প্ৰকল্প আদিৰ অভাব ।এইটো ঠিক যে ,পূৰ্বৰ তুলনাত অসমত সৰু -বৰ প্ৰকল্প আদিয়ে উজ্বলি উঠিছে ।স্থানীয় উদ্যোগী সকলে অধীৰ আগ্ৰহেৰে ইতিমধ্যেই শিক্ষিত যুৱক -যুৱতীয়ে চৰকাৰী চাকৰি বাদ দি সৰু বৰ উদ্যোগী আদিৰ মনোভাৱ লৈ হাতে কামে আগবাঢ়িছে ।তাৰ বাস্তৱ উদাহৰণ অসমৰ চুকে কোনে বহুত নিবনুৱা যুৱক -যুৱতী ,ব্যক্তি আদিয়ে কামবোৰ আৰম্ভ কৰি আগবাঢ়িছে ।ইয়াত চৰকাৰে যথেষ্ট পৰিমানৰ মূলধন ,প্ৰশিক্ষণ ,সুপৰিকল্পনা কৰা উপৰিও বজাৰ আদিৰো ব্যৱস্থা কৰিব লাগিব ।তেতিয়া নিশ্চয় অধিক আগবাঢ়িব ।কিন্তু এইবোৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদি ইয়াক কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ চিন্তা চৰ্চাতহে মগ্ন ।মুঠতে স্থানীয় উদ্যোগী তথা আগ্ৰহী ব্যক্তিক ভাতে মৰা চিন্তাত ব্যস্ত ।কিয়নো বনিক ,পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে চৰকাৰৰ মূৰৰ্বী সকল আৰু বাধ্য হৈ বৰঞ্চ ৰাজ্য-দেশৰ ঐশ্বৰ্য পূৰ্ণ সম্পদ ৰাজি বিক্ৰী কৰি বাঃবাঃ লৈ জয় গান গাইছে  ।মাথোন সেইবোৰক তৈলমন্দন নহয়নে  !

অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰাকৃতিক সম্পদ আৰু সাংস্কৃতিক আদিৰ ক্ষেত্ৰত অতি চহকী । বিশেষকৈ অসমৰ  সম্পদ আৰু কৃষ্টি -সাংস্কৃতিক আদিৰ বাবে বিশ্ব বিখ্যাত ।এইবোৰ চাবলৈ দেশ- বিদেশৰ  পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু অসম অন্যতম ।অসমত যথেষ্ট পৰিমানৰ দেশ-বিদেশৰ পৰ্যটনৰ স্থলী আছে ।আমি বিশ্ব ঐতিৰ্য স্থলী কাজিৰঙাক কৈছো যদিও অসমত আৰু নানা স্থলী নথকা নহয় ।এইবোৰতো সৰ্বাধিক গুৰুত্ব দিব লাগিব ।কিয়নো ৰাজহ সংগ্ৰহ তথা অৰ্থনীতিৰ মান উন্নত কৰাত পৰ্যটনে যথেষ্ট অৰিহনা আগবঢ়াই আহিছে ।তাৰ উদাহৰণ ভাৰত বৰ্ষৰ অন্যতম জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰ “কেৰালা” ৰাজ্যখনে কিমান ধৰণে ৰাজহ আৰু অৰ্থনীতিত আগবঢ়া নকলেও হব ।অসমত সম্ভাৱনাময় ক্ষেত্ৰ থকা স্বত্বেও ইয়াৰ ওপৰত উন্নত চিন্তা চৰ্চা আৰু গুৰুত্ব নিদিয়া ফলতো অসম পিছপৰি থাকিব লগীয়া পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে ।সেয়ে অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ যথেষ্ট পৰ্যটন ক্ষেত্ৰ আদি নথকা নহয় ।বিশেষকৈ অসম এক প্ৰকাৰ প্ৰকৃতি ৰাণী সাদৰি জীয়ৰী অসমত কি নাই সকলো আছে ।ইয়াৰ সম্পদ মাটি, পানী আদিয়ে হল প্ৰকৃত মূলধন ।ইয়াক সৎ ব্যৱহাৰ কৰিলে নিশ্চয় অৰ্থনীতিৰ অৰ্থনীতি পথাৰ খনত যথেষ্ট সকাহ আৰু উন্নত নিশ্চয় হব ।সেয়ে ঐতিৰ্য পূৰ্ণ যাউতি যুগীয়া সম্পদ ,মাটি ,পানী আদি অনা-অসমীয়া, বিদেশী বনিক ,পুঁজিপতি গোষ্ঠী আদিৰ হাতত গতাই নিদি থলুৱা শিক্ষিত যুৱক-যুৱতী আৰু থলগিৰি খিলঞ্জীয়াক উন্নত প্ৰশিক্ষণ লগতে মূলধন বিনিয়োগ কৰি সুন্দৰৰ পৰা অধিক সুন্দৰতালৈ নিয়াত অধিক আগ্ৰহেৰে কামবোৰ কৰক ।তেতিয়া নিশ্চয় সকলো সমস্যাৰে অন্ত নপৰিবনে ? কিন্তু তাকে নকৰি  অসমৰ সম্পদৰাজি এপদ এপদকৈ অৰ্থাৎ এদেও দুদেও কৈ লোটা  নিয়া চলেৰে অনা- অসমীয়া, বিদেশী ,বনিক গোষ্ঠী আদিক গতোৱাতহে ব্যস্ত  ।শেহতীয়াকৈ দিহিং পাটকাই যাক সৰ্ববৃহৎ বৰ্ষাৰণ্য বা পূবৰ আমাজান বুলি কয় অথচ সেই অভৰাণ্যক কয়লা খননৰ বাবে গতাইছে ।যত কিন্তু বিভিন্ন প্ৰজাতি চৰাই- চিৰিকতি,অৰ্কিড ,স্তন্য প্ৰাণী ,সোনালী বান্দৰ ,হলৌ বান্দৰকে আদি কৰি বিখ্যাত অভয়াৰণ্য খন গতোৱা ফলত কিমান বিস্তৰ ক্ষতি হব ঠিকনা বিহীন ।দিহিংপাটকাই থলগিৰি খিলঞ্জীয়াৰ হৃদপিণ্ড স্বৰূপ । ইয়াক বিনিষ্ট কৰা মানে কি হব পাৰে সকলোৱে এবাৰ গভীৰ ভাবে ভাবক ।এই বৰ্ষাৰণ্যত গড়ে প্ৰায় ৪০০০ কিঃমিঃ বৰষুণ হোৱা উপৰি প্ৰায় ১২০ বিধ দুস্প্ৰাপ্য অৰ্কিড ,৫০ বিধ স্তন্য প্ৰাণী ,৬০ বিধ প্ৰজাতি সাপ ,১৫ বিধ জেঠী ৩৫০ বিধ ভিন্ন ৰঙী পখিলা ,কেইবা বিধ প্ৰজাতিৰ কাছ লগতে বহু পৰিমানৰ প্ৰাণীৰ ৰম্যভূমি ।তদুপৰি ৪০০ শৰো অধিক নানা চৰাইৰ বাবে বিলুপ্ত পথলৈ অতিক্ৰম কৰিব ।সেয়ে  ইয়াৰ খনন কাৰ্যৰ অনুমতি বাতিল কৰক ।আমাক কয়লা নালাগে,লাগে আমাক প্ৰচুৰ পৰিমানে অক্সিজেন ,গছ থাকিলে  ,মানুহ তথা জীৱ কুল জীয়াই থাকিব সুস্থিৰ ভাবে ।  প্ৰকৃতিও এক নতুন ৰূপত গতি লব  ।আজি সকলোৱে ঐক্যবদ্ধ ভাবে চিৰ ঐতিহ্য ,,চিৰ বিনন্দীয়া দিহিং পাটকাইক ৰক্ষা কৰা সময় ।ইয়াকে নকৰিলে আমাৰ  যাউতি যুগীয়া ঐতিহ্যক ম্লান নকৰিবনে……… ! 

লেখকৰ ফোন নং- ৯৪০১৬৭৮২০৩  ।

Leave A Reply