Breaking

অৱসৰী আৰক্ষী বিষয়া কান্তেশ্বৰ গগৈৰ আকস্মিক মৃত্যু

0 2,029

 অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত  উপ আৰক্ষী অধীক্ষক কান্তেশ্বৰ গগৈৰ ১৬ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ  । শদিয়াৰ এখন ভিতৰুৱা গাঁওত জন্মগ্ৰহণ কৰা গগৈয়ে অসম আৰক্ষীত উপ পৰিদৰ্শক হিচাপে যোগদান কৰি নিজৰ দক্ষতা , যোগ্যতা আৰু অভিজ্ঞতাৰ বলত উপ আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি লাভ কৰি ২০১৯ চনত অৱসৰ গ্ৰহণ কৰে । চাকৰি কালত এজন নীতি নিষ্ঠ বিষয়া হিচাপে পৰিচিত গগৈয়ে কিছু বছৰ পূৰ্বে পৰিয়ালসহ চার্ভেস্কুলত নিগাজিকৈ বাস কৰি কমদিনৰ ভিতৰতে দূৰ্গাপূজাকে ধৰি বিভিন্ন সামাজিক , সাংস্কৃতিক  অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ সকলোৰে সমাদৰ লাভ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী তথা ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী কাৰ্যালয়ৰ বিষয়া গীতিকা গগৈ , দুই পুত্ৰ ক্ৰমে অংশুমান আৰু ঋতুৰাজ , এজন ককায়েককে ধৰি বহু সংযোগ আত্মীয়- স্বজন এৰি থৈ যায় । তেওঁৰ আকস্মিক  মৃত্যুত  বৃহত্তৰ চার্ভেস্কুলকে ধৰি কাষৰীয়া অঞ্চলত শোকৰ ছাঁ পৰে । ১৭ ছেপ্টেম্বৰত এক শোকাকূল পৰিৱেশত ভূতনাথত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয় ।

Leave A Reply