Breaking

কভিড’ত টিংখাঙৰ অৱসৰপ্ৰাপ্ত আৰক্ষী হাবিলদাৰ প্ৰফুল্ল বৰা মৃত্যুত গভীৰ শোক

0 33

টিংখাং:  মৰামাৰী কৰণা ভাইৰাছৰ আতংকই সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে  অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰ টিংখাং লাটুমণিৰ নিবাসী প্ৰফুল্ল বৰাই (৬৫) কভিড-১৯ আক্ৰান্ত হৈ আজি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। পূৰ্বৰ পৰাই উচ্চ ৰক্তচাপ জনিত আৰু বহুমূত্ৰ ৰোগত ভুগি থকা অৱসৰপ্ৰাপ্ত হাবিলদাৰ গৰাকীয়ে শেহতীয়াকৈ জ্বৰ,কাহ আৰু পানীলগা অসুখত ভুগি আছিল। কিছুদিন ধৰি ঘৰতে চিকিৎসা গ্ৰহণ কৰিছিল যদিও ক্ৰমে স্বাস্থ্য অৱনতি হোৱাত কালি ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল যদিও আজি দিনৰ প্ৰায় ১.৪৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত পত্নী, তিনি গৰাকী পুত্ৰ, এগৰাকী কন্যা, তিনি ভ্ৰাতৃ, ভগ্নী, নাতি-নাতিনীসহ: অনেক আত্মীয় স্বজনক এৰি থৈ যায়। তেখেতৰ মৃত্যুত স্থানীয় বিধায়ক বিমল বৰা, অসম প্ৰেট্ৰকেমিকেলৰ অধ্যক্ষ বিপুল চন্দ্ৰ ডেকা প্ৰমুখ্যে বিভিন্ন লোকে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply