Breaking

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰ্মল শইকীয়াৰ বিয়োগ

0 24

দৈনন্দিন বৰ্তা সেৱা, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেজপুৰ কুমাৰগাঁও নিবাসী নিৰ্মল শইকীয়া(৬৯)ৰ কালি সন্ধিয়া প্ৰায় ৬:৩০ বজাত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ ১৯৭৪ চনত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ভিদ বিভাগৰ বিষয় শিক্ষক হিচাপে যোগদান কৰা শইকীয়াই ২০০৪ চনত বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি ২০১১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷

অমায়িক তথা মৰমীয়াল, ছাত্ৰ-ছাত্ৰীক জ্ঞান বিলোৱাৰ দিশত এক সুকীয়া কৌশল থকা নিৰ্মল শইকীয়াই সেয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ মনত এক সুকীয়া স্থান লাভ কৰিবলৈও সক্ষম হৈছিল৷ ১৯৫২ চনত জন্মগ্ৰহণ কৰা নিৰ্মল শইকীয়াই তেজপুৰতেই শিক্ষা জীৱণ আৰম্ভ কৰি পৰৱৰ্তী সময়ত ঢেকীয়াজুলিত হাইস্কুলীয়া শিক্ষা, দৰং কলেজৰপৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নানকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷

মৃত্যুৰ সময়ত শইকীয়াই পত্নী, পুত্ৰ, জী-জোৱাইৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শইকীয়াৰ মৃত্যুত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সমাজকৰ্মী গৰাকীৰ মৃত্যুত জন্মস্থান তেজপুৰৰ লগতে জামুগুৰিহাটতো শোকৰ ছাঁয়ে বিৰাজ কৰা দেখা গৈছে৷

Leave A Reply