Breaking

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু

0 2,426

জামুগুৰিহাট, ২৭ডিচেম্বৰ: জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ বৰঠাকুৰৰ আজি দিনৰ ১বজাত  বাধ্যকজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হয়।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৫বছৰ । সূদূৰ যোৰহাটৰ পৰা জামুগুৰিহাটলৈ আহি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱনৰ পাতনি মেলা কেশৱ বৰঠাকুৰ ‘যোৰহটীয়া ছাৰ’ নামেৰেই অঞ্চলত পৰিচিত আছিল। ১৯৯০চনৰ ছেপ্তেম্বৰ মাহত শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰঠাকুৰ কাৰপিন্টাৰ বিভাগৰ শিক্ষক আছিল। অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। ইফালে আজি দিনটোতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ শিক্ষয়ত্রী তথা মাধৱ গাঁও নিৱাসী  মিনাক্ষী বৰঠাকুৰৰো(৮০) পৰলোক প্ৰাপ্তি ঘটে ।

Leave A Reply