Breaking

পশ্চিম নলবাৰীত শিক্ষক দিৱসঃ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুলৈ ‘জ্ঞানসিন্ধু বঁটা’

0 74

পশ্চিম নলবাৰীৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত মঙলবাৰে উলহ-মালহৰে শিক্ষক দিৱস উদযাপন কৰা হয়।
উল্লেখ্য যে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগতো উদযাপিত শিক্ষক দিৱস।

সেইমৰ্মে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি হৰিচৰণ তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জয়ন্ত তালুকদাৰ, মিণ্টু বৰ্মণ, সত্যেন মিশ্ৰ, মনোজ ৰাজবংশী, মহানন্দ‌ দাস, গোকুল ডেকা, বৰ্ণালিমা গোস্বামী, ভবেশ তালুকদাৰ প্ৰভৃতি শিক্ষাব্ৰতীৰ উপৰি অঞ্চলটোৰ শিক্ষককে ধৰি দুই শতাধিক লোক উপস্থিত থাকে।

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা জ্ঞানসিন্ধু বঁটাও কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কৰা হয় বুলি জানিব পৰা গৈছে। এই বছৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জ্ঞানসিন্ধু বঁটা প্ৰদান কৰে পশ্চিম নলবাৰীৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নগেন ডেকাক ।

আনহাতে, ৬২৫ নং খাৰশিঠা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱসত শিক্ষাৰ্থীৰ বাৰেৰহণীয়া কাৰ্যসূচীয়ে সকলোকে আপ্লুত কৰে । অনুষ্ঠানত উপস্থিত থাকি ঔপন্যাসিক নীলিম আকাশ কাশ্যপে শিক্ষকৰ দায়িত্ব, কৰণীয়ৰ উপৰি শিক্ষকৰ প্ৰতি সমাজৰ মনোভাৱ, দায়িত্ব আদি সম্পৰ্কত জ্ঞানগৰ্ভী ভাষণ প্ৰদান কৰে ।

ইফালে আমনি শংকৰ প্রাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু মাতগোটৰ উদ্যোগত শিক্ষক দিৱস পালন কৰি বিদ্যালয়ৰ শিক্ষক সকলক ফুলাম গামোছা আৰু কলমেৰে সম্বর্ধনা জনাই শিক্ষক সকল উৎসাহিত কৰাৰ উপৰি চামতা বালিপথাৰ স্থিত অক্মফোর্ড পেৰামেডিকেলত আৰম্বৰ পূর্ণভাবে শিক্ষক দিৱস পালন কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰে কবি ,অৱসৰ প্রাপ্ত শিক্ষক প্রবিন বর্মনৰ পৌৰহিত্যত সভা অনুষ্ঠিত হয়৷

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে শিক্ষক সমাজকর্মী তপন কুমাৰ শর্মা ,চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ বলেন কুমাৰ গোস্বামীয়ে ৷ ভাষণ প্রসংগত তপন কুমাৰ শর্মাই শিক্ষাব্রতী ড০ সর্ব্বপল্পী ৰাধাকৃষ্ণনৰ বিষয়ে সুন্দৰ ভাবে উল্লেখ কৰে বলেন গোস্বামীয়েও মহান ব্যক্তি গৰাকীৰ ওপৰত বক্তব্য ৰাখে, পেৰামেডিকেলৱ সঞ্চালিকা জোনালী মেধিয়ে শলাগৰ শৰাই আগবঢ়াই ৷

Leave A Reply