Breaking

হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত

0 2,038

আজি হোজাই জিলাৰ মাননীয় উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত ৯০ নং যমুনামুখ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক চিৰাজ উদ্দিন আজমল, ৯১ নং হোজাই বিধানসভা সমষ্টিৰ বিধায়ক  ৰামকৃষ্ণ ঘোষ আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণৰ ওপৰত এক উচ্চস্তৰীও পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়।বৈঠকত হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত হোজাই জিলাস্থিত তিনিওটা বিধান সভা সমষ্টিৰ প্ৰতি সমষ্টিত নিৰ্বাচিত দুখনকৈ গাওঁৰ সৰ্বাঙ্গীন উন্নতি সাধনৰ লক্ষ্যৰে সংশ্লিষ্ট প্ৰতিটো বিভাগে ৰূপায়ন কৰিবলগীয়া নিজৰ নিজৰ কামৰ পৰিকল্পনা আৰু ব্যয়ৰ হিচাবৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হয়। উপস্থিত  বিধায়ক সকলে  এই ক্ষেত্ৰত বিভিন্ন মূল্যৱান পৰামৰ্শ দিয়াৰ লগতে পূর্ণ সহযোগিতা প্ৰদানৰ কথা উল্লেখ কৰে।বৈঠকত উপায়ুক্ত মহোদয়ে  উপস্থিত সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী বিষয়া সকলক আদর্শ গ্ৰাম যোজনাৰ অধীনত ৰূপায়ন হবলগীয়া প্ৰতিটো উন্নয়নমূলক কাম নিষ্ঠাৰে, সন্মিলিত ভাবে আৰু সমন্বয়ৰে কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই পৰ্যালোচনা বৈঠকত হোজাই জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত  গকুল চন্দ্ৰ ব্ৰহ্ম, হোজাই জিলা পৰিষদৰ অধ্যক্ষ ৰমাৱালা দেৱী, চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকল প্ৰমুখ্যে সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

Leave A Reply