Breaking

বীৰাংগনা সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানৰ ব্যৱস্থাপনা সন্দৰ্ভত পৰ্যালোচনা

0 91

ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুপথাৰত উদযাপন কৰিব লগা ৫০০ বছৰীয়া চুতীয়া ৰাণী সতী সাধনী আত্মবলিদানৰ বৰ্ষযোৰা শুভাৰম্ভণি অনুষ্ঠানৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত সৰুপথাত ধনশিৰি মহকুমা প্ৰশাসন, চুতীয়া জনগোষ্ঠীৰ দল সংগঠনৰ বিষয়ববীয়া উপস্থিতিত পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷


অহা ৭ বহাগ ২১ এপ্ৰিলত সৰুপথাৰত অনুষ্ঠিত হ’ব লগা চুতীয়া জনগোষ্টীৰ বীৰাংগনা সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল’বৰ বাবে সৰুপথাৰত উপস্থিত হয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা।

উক্ত আলোচনা সভাত দণ্ডাধীশ সুতৃষ্ণা বৰদলৈ, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চুতীয়া উন্নয়ন পৰিষদৰ সদস্য মাধুয্য শইকীয়া, চুতীয়া জনগোষ্টীৰ পাঁচোটা সংগঠনৰ বিষয়ববীয়া, চুতীয়া জনগোষ্টীৰ ৰাইজৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Leave A Reply