Breaking

বিপ্লৱী চিন্তা নায়ক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা…

0 75

প্ৰতি বছৰে ২০ জুন আহিলেই আমাৰ ৰাজ্যত চৰকাৰী বা বেচৰকাৰী ভাবে  বিভিন্ন  অনুষ্ঠান-প্ৰতিষ্ঠানত জাকজমকতাৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে “ৰাভা দিৱস উদযাপন কৰি থকা হয়। নিঃসন্দেহে, এয়া এটা জাতিৰ বাবে খুবেই সুন্দৰ পদক্ষেপ। সাধাৰণতে বিষ্ণু প্ৰসাদ ৰাভা দেৱক এই দিৱসটিত এজন কলাৰ পুজাৰী বা কলাগুৰু ৰূপে মূল্যায়ন কৰা হয়। কিন্তু, এয়াই একমাত্ৰ ৰাভা দেৱৰ প্ৰকৃত পৰিচয় নে? নে ইয়াৰ মাজতো কোনো ৰাজনৈতিক অভিসন্ধি লুকাই আছে? তেওঁৰ বিপ্লৱী সত্তাক স্বাধীন ভাৰতৰ চৰকাৰে সাধাৰণ জনতাৰ মাজত প্ৰচাৰ কৰি গণ-সচেতনতা অনাৰ বাবে অগ্ৰগামী ভূমিকা পালন কৰিব বুলি আশা কৰা  মানে পৰ্বতত কাছ বিচৰাৰ দৰে হ’ব। কাৰণ, ১৯৬২ চনত চীনা -ভাৰত  যুদ্ধৰ সময়ত তেওঁ চীন দেশৰ পক্ষ লোৱা বুলি সন্দেহ কৰি দেশৰ চৰকাৰে তেওঁৰ কঁকালত পঘাৰে বান্ধি ৰাজপথত চোঁচোৰাই আনি তেওঁক জেলত বন্দী কৰি ৰাখিছিল। তাৰ পিছত তেওঁ ১৯৬৯ চনৰ ২০ জুনত দুৰাৰোগ্য কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।

এসময়ত যি চৰকাৰে অজ্ঞাত বাস কৰি থকা বিষ্ণু প্ৰসাদ ৰাভাৰ মূৰৰ দাম ১০ হেজাৰ টকা বুলি ঘোষণা কৰিছিল, এতিয়া সেই চৰকাৰে নানা জাকজমকতাৰে আনুষ্ঠানিক ভাবে “ৰাভা দিৱস “পালন কৰি “ৰাভা বঁটা” ঘোষণা কৰাক বাৰু কি সূচায়? ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ পৰাই বিষ্ণু প্ৰসাদ ৰাভাই মাৰ্ক্সবাদ-লেনিনবাদ দৰ্শনৰ লগত জড়িত হৈ পৰিছিল। ১৯৪৫ চনত তেওঁ আৰ চি পি আই (Revolutionary Communist party of India) দলৰ সংস্পৰ্শলৈ আহে। ১৯২৯ চনত তেওঁ ৰিপন কলেজৰ সাধাৰণ সম্পাদক থকাৰ সময়তে দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল বাবে তেওঁৰ ওপৰত পুলিচৰ চোকা নজৰ পৰিছিল। তেতিয়া তেওঁ ৰিপন কলেজৰ পৰা কোচবিহাৰৰ ভিক্ট’ৰিয়া কলেজত আৰু তাৰ পাছত ৰংপুৰৰ কাৰমাইকেল কলেজত নাম লগায়। তেওঁ ভিক্ট’ৰিয়া কলেজত পঢ়ি থকাৰ সময়ত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতৰ পতাকা উত্তোলন কৰি কোচবিহাৰৰ ৰাজ দেৱালত ৰক্ত ৰঙা আখৰেৰে লিখিছিল- ” ৰাজ্যে আছে দুইটি পাঠা,

একটি কালো একটি সাদা

দেশেৰ যদি মঙ্গল চাও

দুইটি পাঠাই বলি দাও।”

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৯ চনত লিখি উলিয়ায়” অ’ অসমীয়া ডেকাৰ দল, তোৰ তেজাল হিয়া মলিয়ন কিয় হ’ল? ” তেওঁ অনুভৱ কৰিছিল যে , সাম্ৰাজ্যবাদী ইংৰাজ শাসকৰ পৰিৱৰ্তে দেশৰ‌ বুৰ্জোৱা শাসকে শাসন ভাৰ লোৱাৰ ফলত দেশৰ দুখীয়া হালোৱা হজুৱা বনুৱাৰ ওপৰত শোষণ নিৰ্যাতন আগৰ দৰে চলি থাকিব। ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশে স্বাধীনতা লাভ কৰিলেও দেশৰ বুৰ্জোৱা শাসকৰ বিভেদকামী আৰু বৈষম্যমূলক শাসন ব্যৱস্থা গঢ়ি উঠাৰ ফলত দেশৰ কোটি কোটি জনতাই প্ৰকৃত অৰ্থনৈতিক স্বাধীনতা লাভ কৰিবলৈ সক্ষম নহ’ল। সেই সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দ্বাৰা অনুপ্ৰাণিত হ’লেও অনুভৱ কৰিছিল যে, দেশৰ ভিতৰতে থকা জমিদাৰ, মহাজন সকল হ’ল, দেশৰ প্ৰধান শত্ৰু। আৰু এই জমিদাৰ, মহাজন শ্ৰেণীটো বুৰ্জোৱা শাসক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভিতৰত সক্ৰিয় ভাবে অৱস্থান কৰি আছে। সেয়ে, তেওঁ অতি শীঘ্ৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আঁতৰি আহি ১৯৪৫ চনত আৰ চি পি আই দলৰ সংস্পৰ্শলৈ আহে। আৰু ১৯৪৬ চনত তেওঁ আৰ চি পি আই দলৰ সক্ৰিয় সদস্য হিচাপে যোগদান কৰে। ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈকে চলি থকা দ্বিতীয় বিশ্বযুদ্ধৰ বিৰুদ্ধে বিশ্ব শান্তিৰ বাবে প্ৰগতিশীল মানৱতাবাদী চিন্তানায়ক সকলে মত পোষণ কৰিছিল। তেওঁলোকে ভাৱিছিল যে, সাম্ৰাজ্যবাদৰ স্বাৰ্থত এই যুদ্ধ চলি থাকিব। গতিকে সাম্ৰাজ্যবাদী শাসন ব্যৱস্থা ওফৰাই পেলোৱাৰ বাবে বিপ্লৱৰ প্ৰয়োজন। তাৰ বাবে প্ৰয়োজন সাপেক্ষে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰে বুৰ্জোৱা শ্ৰেণীক লগত লোৱাৰ প্ৰয়োজনো আছে। কিন্তু, যিকোনো মুহূৰ্তত এই বুৰ্জোৱা শ্ৰেণীটো সাম্ৰাজ্যবাদীৰ লগ লাগিব পাৰে। সেই কাৰণে, বিষ্ণু প্ৰসাদ ৰাভাই মাৰ্ক্সবাদ-লেনিনবাদ দৰ্শনৰ দ্বাৰা পৰিচালিত আৰ চি পি আই দলত যোগদান কৰি সংগ্ৰাম চলাই গৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে, ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশে লাভ কৰা স্বাধীনতা বগা সাম্ৰাজ্যবাদী পুঁজিপতি গোষ্ঠীৰ ক্ষমতা ভাৰতীয় ক’লা সাম্ৰাজ্যবাদী পুঁজিপতি গোষ্ঠীৰ প্ৰতি অনুৰাগী বুৰ্জোৱা শ্ৰেণীৰ হাতত ক্ষমতা হস্তান্তৰ কৰাহে  ; এয়া দেশৰ কোটি কোটি জনতাৰ প্ৰকৃত স্বাধীনতা নহয় । সেয়ে, ১৯৪৭ চনৰ ১৭ আগষ্টত নগাঁৱৰ আৰ চি পি আই দলৰ সক্ৰিয় সদস্য দুৰ্লভানন্দ ৰাজখোৱাৰ ঘৰত বহি আৰ চি পি আই দলৰ সক্ৰিয় সদস্য সকলে এই ভুৱা স্বাধীনতাৰ বিৰুদ্ধে যি স্বাধীনতাই এটি বুৰ্জোৱা শ্ৰেণীয়ে আন এটা বুৰ্জোৱা শ্ৰেণীক ক্ষমতা হস্তান্তৰ কৰিছিল তাৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ পথ ল’বলৈ সিদ্ধান্ত লয় আৰু তাতেই সকলোৱে বাছি বাছি সক্ৰিয় সদস্য লৈ গণ সংগঠন “গণ বাহিনী” গঠন কৰি গেৰিলা যুদ্ধৰ বাবে সাজু হৈছিল। আৰু মাৰ্ক্স-লেলিনবাদৰ তাত্ত্বিক আলোচনা আৰু কাৰ্যকাৰিতা লৈ প্ৰশিক্ষণ দিয়া হৈছিল। ১৯৪৮ চনৰ পশ্চিমবঙ্গৰ বীৰভূম জিলাত অনুষ্ঠিত আৰ চি পি আই দলৰ সন্মিলনত সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে আঞ্চলিক ক্ষমতা দখলৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।বিষ্ণু প্ৰসাদ ৰাভাই কবিতা, গীত পৰিৱেশন কৰি এই সশস্ত্ৰ সংগ্ৰামত স্বতঃস্ফূৰ্তভাবে অংশ গ্ৰহণ কৰিবলৈ জনতাক উদ্বুদ্ধ কৰিছিল।

” বিপ্লৱ পথেৰে যাত্ৰী আমি

  সৰ্বহাৰাৰে মুক্তিকামী

চূৰ্ণ কৰিম আমি সংগ্ৰামী

দৰ্প ধনীৰ —পণ আমাৰ।

হুচিয়াৰ! হুচিয়াৰ !! হুচিয়াৰ !!!

১৯৪৫ চনৰ নৱেম্বৰ মাহত ভাঙুৰীপাৰ গাঁৱত নিখিল অসম কৃষক পঞ্চায়তৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। এই সন্মিলনত অসমৰ লাখ লাখ কৃষকে অংশ গ্ৰহণ কৰিছিল। আৰু এই সন্মিলনত কৃষকসকলক সংঘবদ্ধ হৈ দেশৰ জমিদাৰ, মহাজন শোষক শ্ৰেণীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিবলৈ ” নাঙল যাৰ, মাটি তাৰ” শ্লোগানেৰে উদ্বুদ্ধ কৰা হৈছিল। বিষ্ণু ৰাভাই কৃষক-বনুৱাক বৈপ্লৱিক গীতেৰে আহ্বান জনাইছে–

” বল্ বল্ বল্ বল্

কৃষক শক্তিৰ দল।

অ’ বনুৱা সমনীয়া

আগবাঢ়ি যাওঁ বল্ ।

জাগ্ জাগ্ জাগ্ জাগ্

মজদুৰ ন জোৱান।

নিৰ্যাতিত নিপীড়িত

    কৃষক শক্তিমান। “

তাৰ পিছত তেওঁ উদাত্ত ভাবে গাইছে —

” ধ্বংস কৰ্ ধ্বংস কৰ্

            ধনীৰ অহংকাৰ।

দয়া মায়া নকৰিবি

         ‌‌ক্ষমাৰ দিন যে গ’ল। “

বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভাই সমাজৰ শোষক শ্ৰেণীৰ শোষণ,নিৰ্যাতন, আন্যায়,  অত্যাচাৰ, ব্যাভিচাৰ, হত্যা,লুট, ধৰ্ষণ আদিৰ বিৰুদ্ধে দেশৰ শোষিত,লাঞ্চিত, বঞ্চিত, হালোৱা হজুৱা বনুৱাক ঐক্যবদ্ধ হৈ এই বৈষম্যমূলক সমাজ ব্যৱস্থাক ভাঙি চুৰমাৰ কৰি সাম্যবাদী সমাজ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনাই কৃষক-শ্ৰমিকৰ শক্তিৰ কথা উনুকিয়াইছে এনেদৰে —

তই খুৱাৱ বিশ্ববাসীক

মাটি ফালি ধান

তই যুগাৱ ধনী শ্ৰেণীক

        অস্ত্ৰ শক্তিমান

কাৰখানা- কল তোৰেই সৃজন

           পথাৰ সুবহল।

নাঙল , কাঁচি, হাতুৰী দাৰ

           যাদুকৰী ফল।

তোৰ বাহুতে আছে লুকাই শক্তিমান

অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল্।”

সাম্যবাদী ভাৱধাৰাৰ কবি বিষ্ণু প্ৰসাদ ৰাভাই তেওঁৰ কবিতা আৰু গানত সমাজৰ সকলো বৈষম্য দূৰ কৰি এখন শ্ৰেণীহীন সমাজ ব্যৱস্থাৰ কথা সদায় চিন্তা কৰিছিল ; যাৰ বাবে তেওঁ ২৫০০ বিঘা পৈত্ৰিক সম্পত্তি ভূমিহীন কৃষকক বিলাই দিছিল। তেজপুৰ বিশ্ববিদ্যালয়খন এতিয়াও তেওঁৰ মাটিত অৱস্থিত। কিন্তু , ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ সফল হোৱা নাছিল।১৯৫৫ চনত নগাঁৱৰ কলিয়াবৰত আৰ চি পি আই দলে অনুষ্ঠিত কৰা দলীয় সন্মিলনত এক প্ৰস্তাৱ মৰ্মে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মুক্ত ভাবে ৰাজনীতিৰ পথাৰখনত নামি পৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সময়ত অইন অইন কমৰেডৰ দৰে বিষ্ণু প্ৰসাদ ৰাভাই আৰ চি পি আই দল ত্যাগ কৰি চিপি আই দলত যোগদান কৰিছিল।

১৯৫৭ চনত চি পি আই দলৰ হৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজিত হৈছিল। তাৰ পিছত ১৯৬৭ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজয়ী হৈছিল যদিও ১৯৬৮ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে  কোকৰাঝাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ আকৌ তেওঁ পৰজয়ৰ গ্লানি ল’ব লগীয়া হৈছিল। প্ৰকৃততে,গণ চেতনাত আছিল তেওঁৰ অগাধ বিশ্বাস। যেতিয়া স্বাধীন দেশৰ বুৰ্জোৱা শাসকে আৰ চি পি আই দলক নিষিদ্ধ ঘোষণা কৰিছিল, তেতিয়া তেওঁ ছদ্মবেশেৰে অসমৰ চুকে কোণে , পাহাৰ বগাই  গাঁৱে-ভুঞে ঘূৰি ঘূৰি সাধাৰণ মানুহৰ কাষ চাপি নৃত্য, গীত, কবিতা আৰু তেজোদীপ্ত বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ দৃঢ় ধাৰণা আছিল,ৰাইজৰ মৰম চেনেহ হৈছে ৰক্ষা কবচ আৰু ৰাইজৰ আশীষেই হ’ল পাশুপাত অস্ত্ৰ। তেওঁ এহাতে কলম আনহাতে অস্ত্ৰ তুলি লৈ দেশে স্বাধীনতা লাভ কৰাৰ পাছতো সৰ্বহাৰা দুখীয়া শ্ৰেণীৰ ওপৰত সাম্ৰাজ্যবাদী পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ ধনীশ্ৰেণীৰ শোষণৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি তীব্ৰ

 হুংকাৰ দিছিল —-

” দুখীয়াৰ তেজ নিঙাৰি লৱ

টুপি টুপি তেজ শুহি শুহি পিৱ,

ৰুকি ৰুকি মঙহ চোবাই খাৱ

কুৰুকি হাড় কেইডালো চোবাৱ

     হুচিয়াৰ ! হুচিয়াৰ!!

ধনী! মহাজন! জমিদাৰ!!

হুচিয়াৰ ! হুচিয়াৰ! হুচিয়াৰ !!

আৰ চি পি আই দলৰ এই সশস্ত্ৰ সংগ্ৰামৰ ফলত ভাৰতৰ বুৰ্জোৱা শাসকে বাধ্যত পৰি ১৯৪৮ চনৰ আধিয়াৰৰ স্বাৰ্থ সংৰক্ষণ আইন আৰু ১৯৫৬ চনত চিলিং আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল।

মুঠতে, বিষ্ণু প্ৰসাদ ৰাভা আছিল নিষ্পেষিত জনতাৰ সংগ্ৰামী সত্তা। তেওঁৰ ৰাজনৈতিক দৰ্শনৰ মূল লক্ষ্য আছিল সাধাৰণ জনতাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতা অৰ্জন। তেওঁ আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ শত্ৰু। বিষ্ণু প্ৰসাদ ৰাভা মাৰ্ক্সবাদ-লেনিনবাদৰ চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত আছিল যদিও তেওঁ এই দৰ্শনৰ অন্ধ ভক্ত নাছিল। তেওঁ আছিল গণশিল্পী, যোদ্ধা, অক্লান্ত শ্ৰমিক আৰু মানৱতাবাদী চিন্তানায়ক। তেওঁ অসমৰ পাহাৰ -ভৈয়ামত বাস কৰা বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি বৃহতৰ অসমীয়া সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল। বিষ্ণু ৰাভাই তেজপুৰৰ অসম সাহিত্য সভা ভৱনৰ আধাৰশিলা উদ্বোধন কৰিবলৈ গৈ ১৯৬৯ চনত কৈছিল যে, “অসমীয়া কৃষ্টি সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। সৰু সৰু জুৰি নিজৰা নৈ উপনৈ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰ বিশাল আৰু বিৰাট ৰূপ ধাৰণ কৰিছে ঠিক তেনেদৰে অসমৰ জাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি সংস্কৃতি আৰু সাহিত্য বিশালতা আৰু বিৰাটতা লাভ কৰিছে। “

আজি আমাৰ সন্মুখত অসমৰ অগ্নিগৰ্ভা অৱস্থা। সকলো জনগোষ্ঠীয়েই স্বনিয়ন্ত্ৰণ বিচাৰিছে। নিজস্ব সত্তাৰে তেওঁলোকে আছুতীয়াকৈ থাকিব বিচাৰিছে। জনগোষ্ঠীৰ মাজত আত্মনিয়ন্ত্ৰৰ আন্দোলনৰ ফলত এক হিংসাত্মক পৰিৱেশ সৃষ্টি হৈছে। দৰাচলতে বিষ্ণু প্ৰসাদ ৰাভা হ’ল জনতাৰ মৰ্মবেদনা বুজি পোৱা মুক্ত কণ্ঠ। তেওঁ কমিউনিষ্ট হৈয়ো আছিল মানৱতাবাদী। তেওঁ আছিল ঐক্য আৰু সংহতিৰ প্ৰতীক। যি সকলে সমাজ জীৱনত গভীৰ প্ৰভাৱ পেলাই জাতিটোক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ চেষ্টা চলাইছিল তাৰ ভিতৰত অন্যতম চিৰ নমস্য ব্যক্তি হ’ল বিষ্ণু প্ৰসাদ ৰাভা।

তেওঁ সাম্ৰাজ্যবাদী-পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ ধনীশ্ৰেণীয়ে দুখীয়া শ্ৰেণীক শোষণৰ  শিকলিৰে বান্ধি দাসত্বত পৰিণত কৰিছে । তাৰ পৰা উদ্ধাৰ পাবলৈ তেওঁ শোষিত লাঞ্চিত বঞ্চিত হালোৱা হজুৱা বনুৱাক আহ্বান জনাইছে

” ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্

লোহাৰ শিকলি ভাঙ্ ।

ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্

দাসৰ বান্ধোন ছিঙ্।

খোল্ খোল্ খোল্ খোল্

কাৰাৰ ‘ফাটক’ খোল্ ।

ভাঙ্ ভাঙ্

দুৱাৰৰ দাং।

শুন্ সৌৱা শুন্ শুন্

       ঘেৰিছে ৰণ- বিষাণ—

মুকত আকাশে উৰে

            দীপত

 ৰঙা নিচান

ৰক্তেৰে ৰণজিত

                 সূৰুয উদীয়মান

শুন্ মুকতিৰ তুৰ্ যৰ আহ্বান —

মুক্তিমান— মুক্তিমান—মুক্তমান ।”

 কিন্তু প্ৰখ্যাত সমাজ বিজ্ঞানী ৰাহুল সাংকৃত্যায়নৰ মতে যুগ যুগ ধৰি পোষণ কৰি অহা গৰিষ্ঠসংখ্যক ভাৰতীয় লোকৰ মন-মগজুত প্ৰগতি বিৰোধী পশ্চাদগামী অযৌক্তিক ধ্যান ধাৰণাই হ’ল বৌদ্ধিক দাসত্ব। গতিকে সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে বহিৰ্জগতৰ সংগ্ৰাম চলাই যোৱাৰ আগতে অন্তৰ্জগতৰ এই বৌদ্ধিক দাসত্বৰ বিৰুদ্ধে যুঁজ দি এখন শোষণ -দুৰ্নীতিমুক্ত সৰ্বহাৰা শ্ৰেণীৰ সাম্যবাদী সমাজ ব্যৱস্থা গঢ়ি তুলিব লাগিব। কিন্তু সাম্ৰাজ্যবাদী-পুঁজিবাদী শাসন ব্যৱস্থা কায়েম ৰখাৰ স্বাৰ্থত ৰাষ্ট্ৰযন্ত্ৰই ৰূপান্তৰকামী সমাজ বিজ্ঞানী আৰু সংগ্ৰামী চিন্তানায়ক সকলৰ বস্তুনিষ্ঠ চিন্তা চৰ্চা আৰু গণ-বিপ্লৱৰ ভাৱনাক প্ৰসাৰ আৰু প্ৰচাৰত বাধা আৰোপ কৰে। ভাৰতবাসীক আৰ্থিক, সামাজিক, ৰাজনৈতিক ,সাংস্কৃতিক আদি সকলো দিশতে দাসত্বৰ শিকলিৰে বান্ধি পেলাইছে তাৰ বাবে প্ৰগতিশীল মানৱতাবাদী চিন্তাধাৰা স্তব্ধ হৈ পৰিছে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আৰু বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে সাম্ৰাজ্যবাদী পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ ধনীশ্ৰেণীৰ স্বাৰ্থত অৰ্থনৈতিক উদাৰীকৰণ নীতিয়ে সকলো দিশতে দুখীয়া শ্ৰেণীৰ কুলাই পাচিয়ে দুখ হৈছে। তাৰ উপৰিও বৰ্তমান চৰকাৰৰ হাতত শক্তিশালী অস্ত্ৰ হ’ল উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িকতা।  তাৰ উপৰিও বৰ্তমান আমাৰ ৰাজ্যত নৃগোষ্ঠীয় সংঘাত অতি তুঙ্গত উঠিছে।

অথচ , বিষ্ণু প্ৰসাদ ৰাভাই ১৯৪৫ চনত অসমীয়া বোলছবি ” ছিৰাজ” ত অভিনয় কৰি এই সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে এক মহান পবিত্ৰ বাণী প্ৰচাৰ কৰি গৈছে — সেয়া হ’ল মানৱতাবাদ। আনহাতে, তেওঁ অসমৰ সকলো জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি আকৌ বৃহতৰ অসমীয়া জাতি গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

সাম্প্ৰতিক কালতো অসম তথা ভাৰতৰ সমাজ ব্যৱস্থাত শাসক তথা শোষক শ্ৰেণীৰ শোষিতৰ ওপৰত নিপীড়ন আৰু তীব্ৰতৰ ভাবে বাঢ়ি গৈ আছে। সেয়ে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বৈপ্লৱিক চিন্তাধাৰাৰ এতিয়াও প্ৰাসংগিকতা  আছে।

সেয়ে, প্ৰগতিশীল বামপন্থী চিন্তাধাৰাৰ কবি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাম্যবাদী ভাৱধাৰাৰ বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভাক উদ্দেশ্য কৰি লিখিছে যে —

” বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি  ?                                 

    ডাচ কেপিটেলৰ বহু পৃষ্ঠা বাকী।”

(  বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?)

লেখকঃ নাছিৰ আহমেদ

Leave A Reply