Breaking

যোৰহাটত মহিলাক ধৰ্ষণ ৰিক্সা চালকৰ

0 1,629

পুনৰবাৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এক জঘন্য ঘটনাৰ সন্মুখীন হৈছে যোৰহাটত৷ ঘৰলৈ যোৱা মহিলাক ধৰ্ষণ ৰিক্সা চালকৰ৷ সংকটজনক অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী৷ নগেন শইকীয়া আৰু ঘন শইকীয়া নামৰ অভিযুক্ত দুজনক আটক কৰে আৰক্ষীয়ে৷ ধৃত লোকজনৰ ঘৰ যোৰহাটৰ বাদুলীপাৰাত বুলি জানিব পৰা গৈছে৷

আনহাতে জঘন্য ঘটনা সংঘটিত কৰা দুই ধৃত সম্পৰ্কত পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ বাদুলীপাৰত আৰু তৰাজান বাইপাছৰ সমীপত ভাৰতীয়া হিচাপে আছিল৷ ঘটনাৰ বিৱৰণী অনুসৰি, আন্ধাৰ আৰু কিনকিনিয়া বৰষুণত ঘৰলৈ গৈ আছিল মহিলাগৰাকী৷ এই অন্ধকাৰৰ সুযোগ লৈ এই দুই ধৃত ৰিক্সা চালকে এই ঘটনা সংঘটিত কৰে৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুই লম্পদ৷ বিধ্বস্ত অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী৷আনহাতে ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ মহিলাগৰাকীৰ ব্যৱহৃত অৰ্ন্তঃবাহ, চেণ্ডেলকে আদি কৰি ২৫০ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।

Leave A Reply