Breaking

আস্থা ভোটৰ পূৰ্বেই আৰজেডিত ফাট! ‘নিৰুদ্দেশ’ ১২ জন বিধায়ক…

0 31

১২ ফেব্ৰুৱাৰীত বিহাৰ বিধানসভাত অনুশ্ঠিত হ’ব আস্থা ভোট। সেইদিনা অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ জেডিইউ-বিজেপি মিত্ৰজোঁট চৰকাৰক আস্থা ভোটত লালু পুত্ৰ তেজস্বী যাদৱে চৰকাৰক পৰাজিত কৰিব বুলি প্ৰত্যাহ্বান জনাইছিল। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৈছিল, ‘খেল এতিয়াও বাকী হে’। কিন্তু আস্থা ভোটৰ পূৰ্বে তেজস্বীৰ ঘৰত যেন ভাঙোন আৰম্ভ হৈছে। শেহতীয়া ঘটনাৱলীৰ পৰা তেনে অনুমানেই কৰিছে বহুতে। সূত্ৰ অনুসৰি আৰজেডিৰ ১২ জন বিধায়ক আস্থা ভোটৰ মাত্ৰ দুদিন পূৰ্বৰে পৰা হঠাতে ‘নিৰুদ্দেশ’ হৈছে। তালিকাখনত কেইবাজনো হেভিৱেট বিধায়কো আছে। অৱশ্যে আৰজেডিৰ পৰা এই বিষয়ত কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ২৪৩ খন আসন থকা বিহাৰ বিধানসভাত চৰকাৰ ধৰি ৰখাৰ সংখ্যা হৈছে ১২২। বিজেপি-জেডি(ইউ) আস্থা ভোটত সহজ বিজয়ৰ বিষয়কলৈ আত্মবিশ্বাসী। বিজেপিৰ ৭৮ খন আসন আছে আৰু জেডি(ইউ)ৰ ৪৫ খন আসন আছে। তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ হামৰ ৪ খন আসন আছে। অৰ্থাৎ, মিত্ৰজোঁটত ১২৭ জন বিধায়কৰ সমৰ্থন আছে। যিটো প্ৰয়োজনতকৈ ৫ খন অধিক।

আনহাতে, বিহাৰৰ সৰ্ববৃহৎ দল আৰজেডিয়ে ৭৯ খন আসন লাভ কৰিছিল। কংগ্ৰেছে ১৯ খন আসন লাভ কৰিছিল। চিপিএম আৰু চিপিআইয়ে দুখনকৈ আসন লাভ কৰিছিল। ফলস্বৰূপে, তেওঁলোকৰ মুঠ আসন ১০২ খন । আৰজেডিৰ ওপৰত আস্থা ভোট জিকাৰ বিষয়কলৈ বহু খিনি চাপ আছে। তেনে সময়তে তেওঁলোকৰ গোটৰ ১২ জন বিধায়ক সন্ধানহীন হোৱাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে।

Leave A Reply