Breaking

ডিব্ৰুগড় কোটোহাত গড়ৰ মুক্ত বিচৰণ

0 2,033

গড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গড় । কিছুদিনৰ পৰা এটা গড়ে মৰাণ সমষ্টিৰ এই অঞ্চল কেইটাত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে । আজিও মৰাণৰ কোটোহা ভগামুৰত গড়টোৱে মুক্ত ভাৱে ঘূৰি ফুৰা দৃশ্য প্ৰত্যক্ষ কৰে ৰাইজে । গড় দেখি আতংকিত হয় গাঁওবাসী । গাঁওখনৰ এটা নামঘৰৰ সমীপত গড়টো প্ৰত্যক্ষ কৰে স্থানীয় কেইজনমান লোকে । পিছত বহু লোকে গড়টো চাবলৈ অহা দেখি সেই ঠাই এৰি পলায়ন কৰে গড়টোৱে । বন বিভাগৰ লোকে গড়টোৰ সন্ধানত নামি পৰিছে যদিও কোনো শূংসূত্ৰ উলিয়াব পৰা নাই । খোৱাং আঞ্চলিক বন বিষয়া  কে হানচে জানিবলৈ দিয়া অনুসৰি গড়টো ওচৰৰে মধুপুৰ বনাঞ্চলত আশ্চয় লৈ থাকে আৰু মানুহ দেখিলেই পলায়ন কৰে বুলি তেওঁ জনায় । ডিব্ৰুগড় বন সংমণ্ডলৰ এটা দল আৰু খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দলে যুটীয়া ভাৱে গড়টো বিচাৰি অভিযান চলাইছে বুলি জানিব পৰা গৈছে ।

Leave A Reply