Breaking

ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতা পুথি ‘ব্ৰিটল’ উন্মোচন

0 83

শ্বিলঙৰ ধানখেতিষ্ঠিত এক বিশেষ অনুষ্ঠানত আজি ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতাৰ পুথি ‘ব্ৰিটল’ উন্মোচন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ সংগীতজ্ঞ লু মাজাউয়ে।

অনুষ্ঠানত খ্যাতি স্থানীয় সাংবাদিক পেত্ৰিচিয়া মুখাম আৰু শিল্পী উৎপল বৰপূজাৰীৰ লগতে ভালেসংখ্যক গণ মান্য ব্যক্তি উপস্থিত থাকে। মাজাউয়ে ব্ৰিটলৰ কিছুসংখ্যক কবিতা পাঠ কৰাৰ লগতে উপস্থিত গ্ৰন্থ অনুৰাগী ৰাইজক সংগীতেৰে মোহাছন্ন কৰি তোলে।

কবিতা পুথিখন উন্মোচন কৰি মাজাউৱে মন্তব্য কৰে – “ৰিণিকিৰ কবিতাৰ সৈতে জীৱনৰ বৰ্ণিল শংকা আৰু শীতল ঘাঁবোৰত চকু ফুৰোৱা এই সন্ধ্যাটোক মই মন্ত্ৰমুগ্ধ সন্ধ্যা আখ্যা দিম।”

প্ৰসঙ্গত অনুষ্ঠানত উপস্থিত ব্যক্তিসকলৰ মাজৰ বহু সংখ্যক গণ্য মান্য ব্যক্তিয়ে কবিতা আৰু গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত মানুহৰ আকৰ্ষণ হ্ৰাস পোৱাৰ সময়তে গ্ৰন্থ উন্মোচন আৰু সংগীতৰ যুগলবন্দী ৰিণিকি আৰু লউ মাজাউৰ উপস্থিতিয়ে অনাবিল আনন্দ দিছে বুলি মন্তব্য প্ৰদান কৰে। উল্লেখ্য যে ব্ৰিটল কবিতাৰ সংকলন যদিও ই লেখিকাৰ উদ্বেগ, আবেগ আৰু সংগ্ৰামৰ মিশ্ৰিত বাস্তৱ কাহিনী। তেওঁৰ মনৰ জগতখনত শক্তিশালী ভাৱে অগাদেৱা কৰা শৈশৱ-কৈশোৰৰ স্মৃতিবোৰ লক ডাউনৰ গৃহবন্দী সময়বোৰত মূৰ দাঙি উঠিছিল।

সেই ভয়াবহ আৰু ভাললগা অনুভূতিবোৰ কবিতাত প্ৰকাশ কৰোতে বাৰে বাৰে কবি শংকিত হৈ উঠিছে আপোনজনৰ কথা ভাবি। তেওঁ যেন শেষবাৰৰ বাবে মনৰ ভিতৰতে আপোন ঘৰখন আপোন মানুহবোৰক সাক্ষাৎ কৰি আহিছে!

কবিতা পুথি খন উন্মোচন কৰি ৰিণিকিয়ে কয় “গৃহবন্দীৰ সময়বোৰত মই কিছু পৰিমাণে সুখ আৰু দুখৰ মিশ্ৰিত এক অনুভৱৰ মাজত ৰৈ গৈছিলো। মোৰ শৈশৱৰ লগতে ভাৰতত অতিবাহিত কৰা অন্যান্য সময়ৰ স্মৃতিবোৰ বাবে বাৰে মনলৈ আহিছিল। সকলোৰে দৰে মইও গৃহবন্দী হৈ পৰাত স্বাভাৱিকতেই আপোন মানুহবোৰৰ বাবে খুবেই শংকিত হৈ পৰিছিলো। সেই ভয়ক অতিক্ৰম কৰিবলৈ মই হাতত কলম তুলি লৈছিলো। কিতাপখন লিখিবলৈ আৰম্ভ কৰিলো আৰু আজি অবিশ্বাস্য যেন লাগিলেও এইখন প্ৰকাশ হৈ ওলাল।” স্মৰ্তব্য যে ব্ৰিটল ৰিণিকিৰ প্ৰথম প্ৰকাশিত কবিতাৰ সংকলন।

ইয়াত তেওঁৰ পৰিয়াল আৰু শৈশৱ, ভালপোৱা, কিছু হেৰুৱা আবেগ আৰু অজস্ৰ স্মৃতি সংকলিত হৈছে। লকডাউনৰ ফচল গ্ৰন্থখনে এজন ব্যক্তিৰ হতাশা আৰু নিৰাশাৰ মাজত শান্তিৰ সন্ধানৰ ইংগিত দিছে। অতি সহজ আৰু বোধগম্য ভাষাত ৰচিত হ’লেও ইয়াত জীৱন সন্ধানৰ বৈচিত্ৰময় দৰ্শন আছে। কিতাপখন প্ৰেম আৰু আৱেগৰ এক মিশ্ৰিত প্ৰকাশ।

ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ জন্ম শ্বিলঙত আৰু অধিকাংশ শিক্ষা গ্ৰহণ শ্বিলঙতে কৰিছিল। অন্যহাতে তেওঁৰ পিতৃ অভিনেতা বাদল চক্ৰৱৰ্তী গুৱাহাটীৰ উজান বজাৰৰ বাসিন্দা। সেই হিচাপে ৰিনিকিৰ গুৱাহাটীৰ প্ৰতি এক বিশেষ টান আছে। ২০০৮ চনত চিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁ মুম্বাইত জন সংযোগৰ ক্ষেত্ৰখনত সম্পূৰ্ণৰূপে জড়িত হৈ আছিল।

গণ সংযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰ পাঠ গ্ৰহণ কৰা ৰিণিকিয়ে ক’ভিড১৯ ৰ ভয়াবহ সময়ছোৱাৰ পৰা গুৰুত্ব সহকাৰে কাব্য চৰ্চা কৰিবলৈ লয়। এই বৰ্ষত তেওঁ সংকলিত কাব্যগ্ৰন্থখন প্ৰকাশ কৰিবলৈ সক্ষম হ’ল।

Leave A Reply