Breaking

ৰঙিয়াৰ বিছেন্নালাত অনুষ্ঠিত হোৱা মহাবিষ্ণু যজ্ঞস্থলীত উপস্থিত ৰিণিকী ভূঞা শৰ্মা

0 82

ৰঙিয়া বিধানসভা সমষ্টিৰ বিছেন্নালা গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰত প্ৰতি বছৰৰ দৰে এই বেলিও ৭৩ সংখ্যক মহাযজ্ঞ মহোৎসৱ পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়।মহোৎসৱত উপস্থিত হৈ ভগৱানৰ চৰণত ৰাইজৰ মংগল তথা সুখ শান্তি কামনা কৰি সেৱা লয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।ইয়াৰোপৰি ভক্তপ্ৰাণ ৰাইজৰ লগত মত -বিনিময় কৰে আৰু এই মহোৎসৱ সফলভাৱে আয়োজন কৰা বাবে আয়োজক সমিতিক ধন্যবাদ জনায়।

আনহাতে মহোৎসৱৰ পূৰ্ণাহুতি উপলক্ষে মুখ্য অতিথি ৰূপে উপস্থিত থাকে সংবাদ প্ৰতিষ্ঠান News Liveৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিণী গৰাকীক গামোচা,জাপি,শৰাই মানপত্ৰৰে যজ্ঞস্থলীত উষ্ম আদৰণী জনোৱা হয়।উল্লেখ্য যে আয়োজক সমিতিয়ে যজ্ঞৰ অন্তিম দিনা বঁটা বিতৰণী আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে যত অংশগ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওগসহ কেইবাজনো স্বনামধন্য শিল্পীয়ে।

Leave A Reply