Breaking

দক্ষিণ আফ্ৰিকাত ছিক্সাৰে কমেন্টেৰী বক্সৰ গ্লাচ ভঙাৰ পিছতে ক্ষমা বিচাৰিলে ৰিংকু সিঙে…

0 118

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচত ৰিংকুৱে ছয় মাৰি মিডিয়া বক্সৰ গ্লাছ ভাঙি পেলায় আৰু তাৰ পিছত ইয়াৰ বাবে বি চি চি আইৰ ওচৰত ক্ষমা বিচাৰিলে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন T20 মেচত ভাৰত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও দক্ষিণ আফ্ৰিকাৰ দৰে বাউন্স আৰু ছুইঙেৰে ভৰা বিদেশী পিটচতো ৰিংকু বেটৰ ধাৰা অব্যাহত আছিল।দ্বিতীয়খন টি-২০ মেচত ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও এইখন মেচতো প্ৰথমে বেটিং কৰা ৰিংকু সিঙে ৩৯টা বলত ৬৮ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। এই ইনিংছত ৰিংকু সিঙৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৪.৩৬, আৰু এই ইনিংছত তেওঁ ৯টা চাৰি আৰু ২টা ছয়ৰ সহায়ত খেলিছিল। অৱশ্যে ভাৰতৰ ইনিংছত ৩টা বল বাকী আছিল আৰু বৰষুণৰ বাবে মেচখন বন্ধ কৰিব লগা হৈছিল, নহ’লে ৰিংকুৱে নিজৰ স্ক’ৰ আৰু ডাঙৰ কৰিব পাৰিলেহেঁতেন।

আনহাতে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আইডেন মাৰ্কৰামৰ বলত ৰিংকু সিঙে একেৰাহে দুটা ছয় মাৰিছিল, এই সময়ত ৰিংকু সিঙৰ এটা ছয় পোনে পোনে খেলপথাৰৰ মিডিয়া বক্সত সোমাইছিল আৰু তাত থকা গ্লাছ ভাঙি গৈছিল। ৰিংকু সিঙৰ এই ছয় হিটৰ ভিডিঅ’ আৰু ভঙা গ্লাছৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে মেচৰ পিছত দিয়া এক সাক্ষাৎকাৰত ৰিংকু সিঙে বিচিচিআইৰ ওচৰত নিজৰ ছয়ৰে মিডিয়া বক্সৰ গ্লাছ ভাঙি পেলোৱাৰ বাবে ক্ষমা বিচাৰে।


Leave A Reply