Breaking

ৰিপুন বৰাৰ নেতৃত্বত গহপুৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

0 21

পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্যব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানক্ৰমে ৰূপায়িত দেশজোৰা “জনজাগৰণ অভিযান” উপলক্ষে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ উদ্যোগত গহপুৰ বিধান সভা সমষ্টিত যোৱা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা জনজাগৰণ পদ যাত্ৰাৰ আজি গহপুৰ নগৰত সামৰণি পৰে।

সমষ্টিটোৰ কাৰিবিল গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হোৱা উক্ত জনজাগৰণ যাত্ৰা গহপুৰ বিধান সভা সমষ্টিৰ ১৫ টাকৈ পঞ্চায়তত প্ৰায় ১৫০ কিলোমিটাৰ পদযাত্ৰাত ৰিপুন বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ কাৰ্য্যকালত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ কৰে।আজি প্ৰথম পয্যায়ৰ সামৰণি কাৰ্য্যসূচীৰ অংশস্বৰূপে পুৰূপবাৰীৰ পৰা গহপুৰ নগৰৰ মাজেৰে পদযাত্ৰা কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হয়।এইক্ষেত্ৰত ৰিপুন বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বয়স প্ৰায় ৫ বছৰ ৬ মাহ আৰু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বয়স প্ৰায় ৭ বছৰ ৬ মাহ।এই দীঘলীয়া সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে যে ৰাইজক কেবল প্ৰতাৰণা কৰিলে,সেই কথা ইতিমধ্যে সকলোৱে বুজি উঠিছে।নিত্যব্যৱহৃত সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ যি প্ৰতিশ্ৰুতি বিজেপি মিত্ৰজোটে নিৰ্বাচন সমূহৰ পূৰ্বে দিছিল সেয়া এতিয়া ধোঁৱা চাঙত উঠিল।

সম্প্ৰতি মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক। আচৰিত কথা এয়ে যে চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা ২৪ অক্টোবৰলৈ পেট্ৰল আৰু ডিজেলৰ মূল্য ৯৬ বাৰ বৃদ্ধি হৈছে।অলপতে হৈ যোৱা দেশৰ ৩০ টা বিধান সভা আৰু ৩ টা লোকসভা সমষ্টিৰ উপনিৰ্বাচনত অসমক বাদ দি বাকী ৰাজ্য সমূহত বিজেপি ধৰাশায়ী হোৱাৰ পিছত শংকিত হৈ আৰু অহা ফ্ৰেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশকে ধৰি দেশৰ ৫ ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৪ নবেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ পেট্ৰল-ডিজেলৰ মূল্য সামান্য হ্ৰাস কৰা হৈছে যদিও এতিয়াও পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৯৫ টকাৰ ওপৰ আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০ টকাৰ ওপৰ হৈ আছে।তানত পৰি ৰাম নাম লোৱা বিজেপি নেতৃত্বাধীন চৰকাৰে শেহতীয়াভাবে প্ৰতিলিটাৰ পেট্ৰলত ৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১০ টকা আৱকাৰী শুল্ক হ্ৰাস কৰিলেও এতিয়াও ৰাইজে প্ৰকৃত দামৰ ওপৰত প্ৰতিলিটাৰ পেট্ৰলত ২৭.৯০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ২১.৮০টকা অতিৰিক্ত ভাবে কৰ আদায় দি থাকিবলগীয়া হৈ আছে।

তদুপৰি এহাতেদি পেট্ৰল, ডিজেলৰ দাম নাম মাত্ৰ কম কৰি বাহ বা লবলৈ চেষ্টা কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে আনহাতে পিডিএছ কেৰাচিনৰ দাম বৰ্তমান ৫১.৬৪ টকা হৈছে।এয়া বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাইজক শোধোৱা মাধমাৰ নহয় জানো বুলি ৰিপুন বৰাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।ইয়াৰোপৰি ৰিপুন বৰাই কয় যে একোটা বানিজ্যিক চিলিণ্ডাৰৰ মূল্য বৰ্তমান দুহেজাৰ টকাৰ ওপৰ হৈছে, যাৰ ফলত সৰু-সুৰা চাহ দোকানী,হোটেল,ব্যৱসায়ী,ফাষ্ট ফুডৰ দোকানী আদিৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত ৰেলভাড়া,বাছভাড়াৰ উপৰি পৰিবহন ব্যয় বৃদ্ধি হোৱাৰ ফলত অন্যান্য অত্যাৱশকীয় সামগ্ৰী যেনে ইটা, বালি, শিল,চিমেণ্ট,লোহা,শাক-পাচলি, ফল-মূল, ঔষধ, কাপোৰ-কানি,জোতা-চেণ্ডল,প্ৰসাধন সামগ্ৰী আদিৰো ব্যাপক মূল্যবৃদ্ধি হৈছে।

কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া চিলিণ্ডাৰ আৰু পেট্ৰল ডিজেলৰ মূল্য বৰ্তমানতকৈ আধা আছিল,তেতিয়া গৰুগাড়ীত উঠি ,হাতত চিলিণ্ডাৰ লৈ,পিয়াঁজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰা বিজেপি নেতা সকল এতিয়া নিমাত কিয় বুলি ৰিপুন বৰাই প্ৰশ্ন কৰে।

Leave A Reply