দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই গহপুৰৰ নিজা বাসগৃহত সম্বোধন কৰি এখন সংবাদ মেলত কৃষকৰ বাবে গোৱা গানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কৃষকৰ নিষ্ঠাৰ তেওঁলোকৰৰ চৰকাৰৰ বাবেহে নাই ৷ ইয়াৰ উপৰিও কয় যে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ কালত প্ৰদেশ কংগ্ৰেছে অসমৰ ২৪ টা জলন্ত সমস্যাৰ প্ৰশ্ন উত্থাপন কৰিছিল । কিন্তু প্ৰধান মন্ত্ৰী গৰাকীয়ে তেখেতৰ ভাষণত অসমৰ ২৪টা জলন্ত সমস্যা সন্দৰ্ভত কোনো কথায়ে নক’লে। নৰেন্দ্ৰ মোদীৰ ভাষণে অসমবাসীক হতাশ কৰিলে। প্ৰধানমন্ত্ৰীৰ ভাষণত কোনো নতুনত্ব নাই। এটা গতানুগতিক ভাষণ। তেখেতে কিছুমান মিছা কথাৰে আকৌ সতী জয়মতীৰ স্বাভিমান, সততাক, অসমীয়া জাতিৰ যি সততাৰ প্ৰতীক তাক পদাঘাট কৰিব বুলি কোৱা কথায়ে সত্য হ’ল । চাহ জনজাতি ৰাইজক তেওঁলোকে ৰাজনৈতিক সন্মান দিছে নে শোষণ কৰিছে ? চাহ জনজাতি ৰাইজক কেৱল ভোটৰ কাৰণে ব্যৱহাৰ কৰিছে । নাগৰিকত্ব সংশোধনী আইন, জনজাতিকৰণ আদি বহু বিষয় সন্দৰ্ভতো নৰেন্দ্ৰ মোদীয়ে কোনো ধৰণৰ কথা নক’লে বুলি ৰিপুন বৰাই কয় । ৰিপুণ বৰাৰ বহু ক্ষমতা কৰ্তন কৰা হৈছে । প্ৰদ্যুৎ বৰদলৈক ৰিপুণ বৰাতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । প্ৰদেশ কংগ্ৰেছত কালিৰ পৰা ইয়াক লৈ শীতল যুদ্ধ চলি আছে। এই প্ৰশ্ন সোধোতে খঙত জাঙুৰ খাই উঠিল ৰিপুন বৰা। সাংবাদিকৰ মনে সঁজা প্ৰশ্ন বুলি উল্লেখ কৰে ।
Breaking
- গণতন্ত্ৰ মহিলা কল্যাণ মঞ্চই পলাশবাৰী চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান
- বকোৰ বিধায়িকা নন্দিতা দাসৰ সমআগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান
- ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত মিত্ৰজোটৰ নীতিক ধোৱাচাঙত তুলি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নিজা নিজা প্ৰাৰ্থী
- তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ
- তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ
- পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা
- আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে
- ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন