Breaking

ঋষভ পন্ত সুস্থ! আগন্তুক IPLত খেলপথাৰত দেখা যাব ঋষভক…

0 15

সুস্থ ঋষভ পন্ত। এইবাৰ আই পি এলত খেলা দেখা যাব পন্তক। এই কথা মঙলবাৰে ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। সোমবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদকে কৈছিল যে পন্তক অতি সোনকালে সুস্থ ঘোষণা কৰা হ’ব। ।২০২২ চনৰ ৩০ ডিচেম্বৰত গাড়ী দুৰ্ঘটনাত আহত হৈছিল পন্ত। তেওঁৰ মূৰ, পিঠি আৰু আঁঠুত আঘাত পাইছিল। অস্ত্ৰোপচাৰো কৰা হয়। প্ৰায় এবছৰ তিনিমাহৰ পিছত সুস্থ হৈ উঠিল পন্ত। ১০ দিনৰ পাছত আৰম্ভ হোৱা আই পি এলত খেলিবলৈ ভাৰতৰ যুৱ উইকেটকীপাৰগৰাকীৰ কোনো বাধা নাথাকিব। টি-২০ বিশ্বকাপৰ পূৰ্বে পন্তৰ সুস্থতা ভাৰতৰ বাবে এক ডাঙৰ কৃতিত্ব। যদি তেওঁ আই পি এলত ভাল খেলে তেন্তে পন্তে বিশ্বকাপ দলত স্থান লাভ কৰিব পাৰে।

মঙলবাৰে ব’ৰ্ডে জনোৱা মতে, ১৪ মাহৰ পিছত পন্ত সুস্থ হৈ উঠিছে। ২০২২ চনৰ ৩০ ডিচেম্বৰত গাড়ী দুৰ্ঘটনাত তেওঁৰ জীৱন সন্দেহ কৰা হৈছিল। কিন্তু এতিয়া তেওঁ সুস্থ আৰু আই পি এলত উইকেটকীপাৰ-বেটছমেন হিচাপে খেলিব পাৰিব। আই পি এলত দিল্লী কেপিটেলছৰ দলত আছে পন্ত। সেই দলৰ অধিনায়কও তেওঁ।


Leave A Reply