Rishabh Pant: ঋষভ পন্তৰ ঘৰত উদুলি মুদুলি পৰিৱেশ, উপস্থিত ধোনী আৰু সুৰেশ ৰাইনা

চেম্পিয়নছ ট্ৰফীৰ অন্তত মুছুৰীত উপস্থিত হৈছে টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন ঋষভ পন্ত। পন্তৰ ঘৰত বেণ্ড-বাজা-বাৰাতৰ প্ৰস্তুতি। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত খিতাপ দখল কৰাৰ পিছত প্ৰায় সকলো ক্ৰিকেটাসকল ঘৰলৈ উভতিছে। পন্তৰ ভনীয়েকৰ বিয়া, য’ত বহু ক্ৰিকেটাৰে কৰিছে অংশগ্ৰহণ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পন্তৰ ভনীয়েকৰ মেহেন্দিৰ ভিডিঅ’।(Rishabh Pant)

১১ মাৰ্চৰ পৰা আৰম্ভ পন্তৰ ভগ্নী সাক্ষীৰ বিয়াৰ অনুষ্ঠান। মেহেন্দী-হালধী ফাংচনত হালধীয়া কুৰ্তা পিন্ধা দেখা যায় পন্তক। হোলীৰ ৰঙৰ মাজত পন্তৰ ভগ্নীকো নাচি থকা দেখা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সাক্ষীৰ বিয়াত অংশগ্ৰহণৰ বাবে বহু ডাঙৰ ডাঙৰ ক্ৰিকেটাৰে প্ৰস্তুতি আৰম্ভ। সাক্ষী পন্তৰ এংগেজমেণ্টতো দেখা গৈছিল এম এছ ধোনীক। কালিও বিবাহ অনুষ্ঠানত দেখা গৈছে মহেন্দ্ৰ সিং ধোনী আৰু সুৰেশ ৰাইনাক।

আজি সাক্ষী পন্তৰ বিবাহ। ব্যৱসায়ী অংকিত চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব সাক্ষী। দুয়োজনে ৯ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। যোৱা বছৰ সাক্ষী আৰু অংকিতৰ এংগেজমেণ্ট হৈছিল। ছ’চিয়েল মিডিয়াত সাক্ষী অতি সক্ৰিয়। সাক্ষী ইউ কেত পঢ়া-শুনা কৰিছিল। আজি অৰ্থাৎ ১২ মাৰ্চত সাক্ষীৰ বিয়াত ক্ৰিকেটাৰৰ সমাৱেশ দেখা যাব।

Related Articles