Breaking

UPSCত ৪৬২ নম্বৰ স্থান লাভেৰে ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে ঋতুৰাজ শৰ্মাই…

0 19

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ধুবুৰীৰ ঋতুৰাজ শৰ্মাই ৪৬২ নম্বৰ স্থান লাভ কৰি ধুবুৰী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ধুবুৰীৰ ২ নং ৱাৰ্ডৰ স্বৰ্গীয় ভুপেন্দ্ৰ নাথ শৰ্মা আৰু জলিতা দেৱীৰ পুত্ৰ ঋতু ৰাজ শৰ্মাৰ সাফল্যত এতিয়া অনন্দিত সকলো।

ধুবুৰীৰ হেপী কনভেণ্ট আৰু ডনবক্সো স্কুল, গুৱাহাটী’ত অধ্যয়ন কৰি তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক উত্তীৰ্ণ হৈ প্ৰথম বাৰৰ প্ৰচেষ্টাতেই ইউ,পি,এচ,ছি’ত সাফল্য লাভ কৰিবলৈ সক্ষম হয় ঋতু ৰাজ শৰ্মা। ঋতু ৰাজৰ দেউতাকৰ সপোন আছিল এদিন আই ,এচ বিষয়া ৰূপে পুত্ৰক প্ৰতিষ্ঠা কৰিব সমাজত। ইউ,পি,এচ,ছি পৰীক্ষাত প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ কচিং লোৱা নাছিল ঋতুৰাজে। ঋতুৰাজৰ এই বৃহৎ সফলতাত তেওঁৰ মা’ৰ অৱদান যথেষ্ট অতুলনীয় বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

Leave A Reply