পশ্চিম দৰঙত ননৈ নদীৰ বাঢ়নি পানীয়ে নগাঁও-হীৰাপাৰাত ভাঙি পেলালে মথাউৰি

বিগত পাঁচদিন ধৰি নেৰেনেপেৰা বৰষুণৰ ফলত দৰঙৰ মাজেৰে বৈ যোৱা প্ৰতিখন উপনৈৰ জলপৃষ্ঠ উফন্দি উঠিছে৷ ইয়াৰে দৰঙৰ পশ্চিম প্ৰান্তৰে বৈ যোৱা দিমীলা, কালপানী আৰু ননৈ নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে পশ্চিম দৰঙৰ বিস্তীৰ্ণ অঞ্চল৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা পাঁচটাকৈ অংশত ননৈৰ মথাউৰি ভাঙি যোৱাত অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হৈছে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত৷ নিশা ননৈৰ পশ্চিম দিশৰ মথাউৰিৰ নগাঁও-হীৰাপাৰাত ভাঙি যোৱাত নগাওঁ, হীৰাপাৰা, দিপীলা, খটৰা, হাতীমাৰা আদি অঞ্চল জলমগ্ন হৈ পৰিছে৷

আনহাতে বিজ্ঞান সন্মত ভাৱে মথাউৰি নিৰ্মাণ নকৰি বছৰ বছৰ ধৰি সমস্যাসমূহ পুহি ৰখা বুলি ক্ষোভ প্ৰকাশ কৰিছে নৈপৰীয়া একাংশলোকে ৷ ইয়াৰোপৰিও নোৱানৈ আৰু কুলশীক নদীৰ বাঢ়নী পানীয়ে গুৰুত্বপূৰ্ণ মঙলদৈ-মাজিকুছিৰ লগতে হাপামাৰা, চকীয়াপাৰা, নিজ সৰাবাৰী গাওঁৰ মাজেৰে যোৱা পথটি গড়কাপ্তানি বিভাগে যাতায়াতৰ বাবে বন্ধ কৰি দিয়ে পথটি৷

Related Articles