Breaking

কংগ্ৰেছী হ’বলৈ গৈ আছে নেকি অভিনেত্ৰী ৰিয়া সেন? ৰাহুল গান্ধীৰ কাষত হাস্যবদনে দেখা গ’ল মুনমুন সেনৰ কন্যা ৰিয়াক।

0 70

কংগ্ৰেছত যোগ দিব নেকি ৰিয়া সেনে? বলিউডৰ অভিনেত্ৰী তথা মুনমুন সেনৰ কন্যা ৰিয়া সেনক লৈ এইদৰে চৰ্চা চলা দেখা গৈছে৷

শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ৰিয়া সেনক দেখা গ’ল৷ বৃহস্পতিবাৰে গান্ধীৰ স’তে ৰিয়াই যাত্ৰাত অংশ লয়৷ পিন্ধনত আছিল চকুত চানগ্লাছ, ভৰিত বগা স্নিকাৰ্ছ,  বাদামী আৰু ৰঙা ৰঙৰ টপ আৰু জিনছৰ ট্ৰাউজাৰ্ছ৷

ৰাহুল গান্ধীৰ স’তে কেইবাবাৰো বাৰ্তালাপতো মিলিত হোৱা দেখা গ’ল ৰিয়াক৷ কেৱল ৰিয়া সেনেই নহয়, ৰাহুল গান্ধীৰ স’তে যোগ দিয়া দেখা গৈছিল বলিউডৰ অভিনেত্ৰী পূজা ভাটো৷

উল্লেখ্য যে ৰিয়াৰ মাতৃ মুনমুন সেনে তৃণমূল কংগ্ৰেছৰ হৈ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল৷ কিন্তু ২০১৯ চনৰ নিৰ্বাচনত তেওঁ পৰাজীত হয়৷

এতিয়া ৰিয়াই ভাৰত জোড়ো যাত্ৰাত অংশ লোৱাৰ পাছতে চৰ্চা চলিছে যে মাতৃৰ পদাংক অনুসৰণ কৰি তেওঁৱো ৰাজনীতিত অংশ ল’ব নেকি?

অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্কত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷

Leave A Reply