Breaking

জন্মভূমি গুৱাহাটীত খেলাৰ বাবে আগ্ৰহী ৰিয়ান পৰাগ, কঠোৰ অনুশীলনেই সফলতাৰ কাৰণ বুলি ক’লে অসম সন্তানে…

0 36

জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত বৃহস্পতিবাৰৰ সন্ধিয়াটোত তেতিয়াই এটা মুক্তিৰ কাহিনী লিখা হৈছিল যেতিয়া ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ত ছিজনৰ দ্বিতীয়খন মেচ ক্ৰমাগত জয় অৰ্জন কৰাত নায়কৰ ভূমিকা লৈছিল৷ গুৱাহাটীৰ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে এই ষ্টেডিয়ামতে প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে ছিজনৰ আৰম্ভনি কৰোৱাত অন্যতম ভূমিকা লৈছিল৷ প্ৰথম দুখন মেচতে হীৰা দৰে চমকিত হোৱা অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানে ছিজনৰ ভাল আৰম্ভণি উপভোগ কৰাৰ লগতে নিজৰ ধাৰাবাহিকতা গভীৰলৈ লৈ গৈ ছিজনৰ অন্তিম মেচখনলৈ বেটিং বিক্ৰম অক্ষয় বন্তীৰ দৰে উজ্বলি ৰখাৰ আশা কৰিছে৷ কাৰণ ৰাজস্থান ৰয়েলছে লীগৰ অন্তিম দুখন মেচ খেলিবলৈ উভতি আহিব ৰিয়ানৰ জন্মভূমি তথা দলটোৰো দ্বিতীয় গৃহ চহৰ গুৱাহাটীলৈ৷

বৃহস্পতিবাৰে ৰাজকীয় ইনিংছৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিয়ানে কয়, ‘এতিয়ালৈকে ছিজনৰ আৰম্ভণি আশা কৰাৰ দৰেই হৈছে আৰু আগলৈও এই ফৰ্ম অব্যাহত ৰখাৰ আশা কৰিছো৷ আমি এই ছিজনত পুনৰ গুৱাহাটীলৈ খেলিব যাব৷ স্বাভাৱিকতে মই উৎসাহিত৷ যোৱা বছৰ গুৱাহাটীত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলাটো নিশ্চিতভাৱে মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল৷ এইবাৰো আশা কৰিছো আমি উত্তৰ-পূবৰ ৰয়েলছৰ অনুৰাগীসকলক ভাল খেলৰ লগতে দলৰ জয়ৰ সাক্ষী হোৱাৰ আন এক সুযোগ প্ৰদান কৰিব পাৰিম৷’

উল্লেখ্য যে মাত্ৰ ২২ বছৰ বয়সতে আই পি এলৰ ষষ্ঠ ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ অভিষেক কৰা ৰিয়ানে পেছাদাৰী খেলুৱৈ হিচাপে ইতিবাচক-নেতিবাচক অভিজ্ঞতা লাভ কৰিছে আৰু বৃহস্পতিবাৰে সন্ধিয়া খেলা আই পি এলৰ অন্যতম শ্ৰেষ্ঠ এটা ইনিংছ খেলি যুৱ তাৰকাক সকাহ পোৱা যেন পৰিলক্ষিত হৈছে৷ ‘এয়া কঠিন সন্ধিক্ষন আৰু মই বৰ্তমান অলপ আৱেগিক হৈছো৷ মই নিজকে এটা পৰ্যায়লৈ অনাৰ বাবে বহুখিনি কাম কৰিছো৷ বিশেষকৈ মই বহুত অনুশীলন কৰিছো আৰু মই ভাবো এয়া তাৰেই কষ্টৰ ফল এতিয়া পাইছো৷’ ৰিয়ানে লগতে ব্যক্ত কৰে৷

বিগত ছটা ছিজনত বিশেষকৈ যোৱা দুবছৰত ৰিয়ানে যি কঠোৰ পৰিশ্ৰম কৰিছে সেই বিষয়ে উল্লেখ কৰি কয়, ‘মই ভাবো যে এই সফলতা আৰু ধাৰাবাহিকতা বহুত অনুশীলনৰ ফল৷ যোৱা ছিজন সমাপ্ত হোৱাৰ পিছৰে পৰাই মই বহুত অনুশীলন কৰিছো৷ যেতিয়া খেলি আছিলো মই সন্মুখীন হোৱা বলাৰজনৰ কথা মুঠেও ভবা নাই৷ কিন্তু তেওঁ বলিং কৰা বলটোৰ ওপৰত মোৰ তীক্ষ্ণ দৃষ্টি আছিল৷ মই তেনেকুৱা বলবোৰৰ বিৰুদ্ধে বহুত অনুশীলন কৰিছিলো যাৰবাবে শ্বট খেলাত কোনো অসুবিধা হোৱা নাছিল৷’

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইও কালি ৰিয়ানৰ মেচ বিজয়ী ইনিংছৰ বিষয়ে সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল, ভাল খেলিলা ৰিয়ান৷ আপোনাৰ চমৎকাৰ ইনিংছটোৱে দলটোক এই মেচত জয়ী কৰাত সহায় কৰিলে৷ আপোনাৰ ঘৰুৱা খেলপথাৰ গুৱাহাটীয়ে এই ছিজনৰ শেষৰ ফালে আপোনাৰ প্ৰদৰ্শনৰ বাবে অপেক্ষা কৰি আছে৷’ ইফালে, উৎসাহিত ৰিয়ানে মুখ্যমন্ত্ৰীক উত্তৰ দি কৈছিল ‘ধন্যবাদ মহাশয়, ময়ো ঘৰত আহি খেলিবলৈ আগ্ৰহী হৈ আছো৷’ উল্লেখ্য যে ক্ৰমাগত দুখন মেচ ঘৰত খেলি উভয় মেচতে জয়লাভ কৰা ৰাজস্থান ৰয়েলছে চলিত আই পি এল তৃতীয়খন মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে আৰু শনিবাৰে দলটো মুম্বাইলৈ যাত্ৰা কৰিব৷ পহিলা এপ্ৰিলত ৱাংখেড়েত এই মেচখন অনুষ্ঠিত হ’ব৷

Leave A Reply